মৰাণ, 27 জুন :সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী পদ এৰা ডেৰ এমাহ অতিক্ৰম কৰিলে । সংবাদ মাধ্যমত জল্পনা কল্পনা চলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিব । দিন পাৰ হৈ গৈ আছে কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীকক কি দায়িত্ব দিব কেন্দ্ৰীয় নেতৃত্বই সেয়া আজিও স্পষ্ট নহয় ।
প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে (Sarbananda Sonowal) এটা সপ্তাহতকৈ অধিক সময় দিল্লীত বাহৰ পাতি আছে যদিও দুদিন আগতহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ সাক্ষাৎ কৰে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰী পদ এৰি এতিয়া সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষা প্ৰদান কৰিবলৈ দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ ঘৰে ঘৰে ঘূৰিব লগা হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হ'বলৈ চেষ্টা চলাই থকা সময়ত ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli)য়ে সমষ্টিটোৰ ৰাইজৰ মাজত সময় অতিববাহিত কৰা পৰিলক্ষিত হৈছে ।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শনিবাৰে দুলীয়াজানত কৃষকৰ মাজত পাৱাৰ টিলাৰ আৰু ৫০ গৰাকী হিতাধিকাৰীৰ মাজত তাঁতশাল বিতৰণ কৰে । অনুষ্ঠানত দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা (Teras Gowala)ৰ লগতে কৃষি আৰু হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ (handloom and textile department)ৰ বিষয়াসকল উপস্থিত থাকে ।