ডিব্ৰুগড়,19 ফেব্ৰুৱাৰী:প্ৰেমৰ দিৱস অৰ্থাৎ ভেলেণ্টাইন দে’ৰ দিনাই ডিব্ৰুগড়ত সংঘটিত হৈছিল এক জঘন্য কাণ্ড। বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী মহিলাৰ শৰীৰত ছটিয়াই দিয়া হৈছিল এচিড । ডিব্ৰুগড় আমোলাপট্টী নাট্য মন্দিৰৰ সন্মুখত 14 ফেব্ৰৰুৱাৰীৰ দিনা সন্ধিয়া সংঘটিত হৈছিল এই অমানবীয় তথা ভয়ংকৰ ঘটনা । যি ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্য সৃষ্টি কৰিছিল । এগৰাকী মহিলাৰ দেহত বৌদ্ধদেৱ দাস নামৰ এজন ব্যক্তিয়ে ছটিয়াই দিছিল এচিড । ইফালে ঘটনা সংঘটিত কৰাৰ দিনাই বৌদ্ধদেৱ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
এচিড আক্ৰমণৰ বলি হোৱা মহিলাৰ ওচৰত মন্ত্ৰী পিয়ুষ হাজৰিকা - মন্ত্ৰী পিয়ুষ হাজৰিকা
ডিব্ৰুগড় আমোলাপট্টী নাট্য মন্দিৰৰ সন্মুখত 14 ফেব্ৰৰুৱাৰীৰ দিনা সন্ধিয়া এচিড আক্ৰমণৰ বলি হোৱা মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ সম্প্ৰতি মহিলা গৰাকী বিপদ মুক্ত বুলি জনাইছে চিকিৎসকে ৷ এনে ভয়ংকৰ ঘটনা অসমত নজৰবিহীন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলা গৰাকীৰ চিকিৎসাৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷
উল্লেখ্য যে, বৰ্তমানেও ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আক্ৰমণৰ বলি হোৱা মহিলা গৰাকী । শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হৈ মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় । সম্প্ৰতি মহিলা গৰাকী বিপদ মুক্ত বুলি জনাইছে চিকিৎসকে । আনহাতে, মন্ত্ৰী গৰাকীয়ে এনে ভয়ংকৰ ঘটনা অসমত নজৰবিহীন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলা গৰাকীৰ চিকিৎসাৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰে ।
লগতে পঢ়ক:গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ