অসম

assam

ETV Bharat / state

নাৱেৰে ৰহমৰীয়াৰ গৰাখহনীয়া পৰিদৰ্শন পীযুষ হাজৰিকাৰ - embankment erosion

চাবুৱা সমষ্টিৰ গুইজান, বিন্ধাকটাৰ গৰাখহনীয়াৰ পৰিস্থিতি পৰিদৰ্শন কৰাৰ পাচতে বৃহত্তৰ ৰহমৰীয়াত নাৱেৰে উপস্থিত হৈ গৰাখহনীয়াৰ লগতে জিঅ' বেগৰ কাম পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ অতি শীঘ্ৰে সমস্যাৰ সামাধানৰ আশ্বাস প্ৰদান কৰে স্থানীয় ৰাইজক মন্ত্ৰী গৰাকীয়ে ৷

erosion news
নাৱেৰে ৰহমৰীয়াৰ গৰাখহনীয়াৰ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

By

Published : Jun 13, 2021, 9:33 PM IST

মৰাণ, 13জুন : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ পঞ্চায়ত বিন্ধাকটাৰ লগতে চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহমৰীয়াৰ গৰাখনীয়াৰ পৰিস্থিতি বুজ লয় অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ।

প্ৰথমে মন্ত্ৰীগৰাকীয়ে নাৱেৰে চাবুৱা সমষ্টিৰ গুইজান, বিন্ধাকটাৰ গৰাখহনীয়াৰ পৰিস্থিতি পৰিদৰ্শন কৰাৰ পাচতে বৃহত্তৰ ৰহমৰীয়াত নাৱেৰে উপস্থিত হৈ গৰাখহনীয়াৰ লগতে জিঅ' বেগৰ কাম পৰিদৰ্শন কৰে ৷ ৰহমৰীয়াৰ গৰাখনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সৈতে আলোচনা কৰাৰ লগতে অতি শীঘ্ৰে স্থায়ী সমাস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ।

নাৱেৰে ৰহমৰীয়াৰ গৰাখহনীয়াৰ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

ইপিনে, বাৰিষাৰ আগমনত ত্ৰাসিত হৈ উঠা অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰিষাৰ পূৰ্বে গাইড বান্ধ নিৰ্মাণ কৰি অঞ্চলটোক খহনীয়াৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিবললৈ দাবী জনাইছে ৷

মন্ত্ৰীগৰাকীক ভ্ৰমণ কালত সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ প্ৰাক্তন বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ লগতে ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি দৰ্পণ দাসে ।

লগতে পঢ়কঃ দিল্লীত আনলক : সমাপ্ত হ’ব যুগ্ম-অযুগ্ম পদ্ধতি

ABOUT THE AUTHOR

...view details