অসম

assam

By

Published : Jun 14, 2021, 9:46 AM IST

ETV Bharat / state

নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

দেওবাৰে তিনিচুকীয়াত নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে বিগত চৰকাৰৰ দিনত জলসম্পদ বিভাগে আৱণ্টন দিয়া ১৮ কোটি টকীয়া মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য বৰ্ধনৰ কাম ৷

তিনিচুকীয়াত নৌকা যাত্ৰাৰে ব্ৰক্ষপুত্ৰৰ খহনীয়া পৰিদৰ্শন জলসম্পদমন্ত্ৰীৰ
তিনিচুকীয়াত নৌকা যাত্ৰাৰে ব্ৰক্ষপুত্ৰৰ খহনীয়া পৰিদৰ্শন জলসম্পদমন্ত্ৰীৰ

ডিব্ৰুগড়,14 জুন : দেওবাৰে তিনিচুকীয়াৰ গুইজানৰ পৰা ডিব্ৰুগড়ৰ বগীবিললৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰি খহনীয়া অঞ্চল পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই । বিশেষকৈ মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলৰ সৌন্দৰ্য বৰ্ধন আৰু খহনীয়াৰ বাবে বিগত চৰকাৰৰ দিনত জলসম্পদ বিভাগে আৱণ্টন দিছিল ১৮ কোটি টকা ৷

কোটিটকীয়া প্ৰকল্প পৰিদৰ্শন কৰি নৌকাযাত্ৰাৰে মন্ত্ৰীগৰাকীয়ে ৰঙাগড়াত সৃষ্টি হোৱা ডিব্ৰু নদীৰ খহনীয়া, চাবুৱা সমষ্টিৰ বিন্ধাকটাত ব্ৰহ্মপুত্ৰৰ খহনীয়া, লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ খহনীয়াৰ লগতে ডিব্ৰুগড়ৰ আৰু বগীবিলৰ কেইবাটাও খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৷ লগতে স্থানীয় বিধায়কসকলৰ পৰাও পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

লগতে মন্ত্ৰীগৰাকীয়ে তৎকালীনভাৱে খহনীয়া সমস্যা সাময়িকভাৱে ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে । আনহাতে, মন্ত্ৰীগৰাকীৰ এই পৰিভ্ৰমণ কালতে স্থানীয় বিধায়কসকলে তেওঁলোকৰ সমষ্টিৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আৰু ইয়াৰ সমস্যাৰ বিষয়ে অৱগত কৰে মন্ত্ৰীগৰাকীক ।

উল্লেখ্য যে, বিভাগীয় দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই পোন প্ৰথমবাৰৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ এইদৰে ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰে যাত্ৰা কৰা পৰিলক্ষিত হয় । এই যাত্ৰাকালত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈকে ধৰি বহু বিজেপিৰ নেতা-কৰ্মী আৰু জলসম্পদ বিভাগৰ কেইবাগৰাকীও বিষয়া-ঠিকাদাৰ ।

আনহাতে, ৰহমৰীয়া অঞ্চলৰ একাংশ ৰাইজে মন্ত্ৰীগৰাকীৰ সন্মুখত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ তাৰ পাচতেই ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক:ৰাজ্যত দুয়ো পালি ভেকচিন লোৱা কৰ্মচাৰীয়ে আহিব পাৰিব কাৰ্যালয়লৈ

ABOUT THE AUTHOR

...view details