ডিব্ৰুগড়, 30 জানুৱাৰী:দেওবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হয় ডিব্ৰুগড়ত (Water Resources Minister Pijush Hazarika) ৷ ডিব্ৰুগড়ত উপস্থিত হৈ নিৰ্মীয়মান মথাউৰি আৰু বান প্ৰতিৰোধ আঁচনিৰ কামৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।
ৰহমৰীয়াত ১৫ কোটি ৩৫ লাখ টকা ব্যয়ৰে বান প্ৰতিৰোধৰ বাবে লোকাচনীৰ পৰা লিটিং গাঁৱলৈ নিৰ্মাণ কৰি থকা হৈছে এখনি বান প্ৰতিৰোধী আঁচনি ৷ এই নিৰ্মীয়মান বান প্ৰতিৰোধী আঁচনিখন পৰিদৰ্শন কৰাৰ পাছতে উপস্থিত হয় মাইজানত (Minister Pijush Hazarika in Dibrugarh)।
৪৬ কোটি ৬৬ লাখ টকা ব্যয় সাপেক্ষে নগাঘূলীৰ পৰা অ'কলেণ্ডৰ মথাউৰীৰ পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে ডিব্ৰুগড় জিলাৰ বহু কেইটা স্থানত বুঢ়ীদিহিং নদীৰ অৱবাহিকাত বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে নিৰ্মীয়মান প্ৰতিৰোধৰ বান্ধ আৰু মথাউৰি পৰ্যবেক্ষণ কৰে (Pijush Hazarika inspected flood prevention scheme)।
উল্লেখ্য যে মাইজানত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাত সমগ্ৰ ডিব্ৰুগড় চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । অসম চিকিৎসা মহাবিদ্যালয়, বায়ু সেনা শিৱিৰ, ডিব্ৰুগড় বিমান বন্দৰৰ প্ৰতিও অশনি সংকেত কঢ়িয়া আনিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগক তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।