ডিব্ৰুগড়, 11 ডিচেম্বৰ :ৰাজ্যখনত দিনক দিনে ভয়ানকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ বিভিন্ন কাৰণত সংঘটিত পথ দুৰ্ঘটনাত প্ৰতিদিনে প্ৰাণ গৈছে বহুজনৰ ৷ এই পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যৰ পৰিবহন বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও বিশেষ সফল হ'ব পৰা নাই ৷ ইয়াৰ পাছতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত ৰাজ্যজুৰি পৰিবহন বিভাগৰ দ্বাৰা দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে বিশ্ব স্মৃতি দিৱস আৰু পথ সুৰক্ষাৰ জনসচেতনতাৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷
এই কাৰ্যসূচীত পৰিবহন মন্ত্ৰীগৰাকীয়ে নিজে মটৰ চাইকেল চলাই ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত কৰিছে বিশেষ সজাগতা কাৰ্যসূচী ৷ এইবাৰ মটৰ চাইকেল চলাই বিশ্ব স্মৃতি দিৱস আৰু জনসচেতনতা কাৰ্যসূচীৰে চাবুৱাত উপস্থিত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷
তিনিচুকীয়াৰ দিশৰ পৰা ডিব্ৰুগড় চহৰলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মন্ত্ৰীগৰাকীয়ে নিজে মটৰ চাইকেল চলাই এক ৰেলী উলিয়াই ৷ এই ৰেলীৰ মাজতেই চাবুৱাত এক জনসচেতনতা সভাত অংশগ্ৰহণ কৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীক চাবুৱাত উষ্ম আদৰণি জনাই চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ বিষয়াসকলে ৷