ডিব্ৰুগড়, ৫ অক্টোবৰ :বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন UNESCO ত গ্ৰহণ কৰা পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী ।
অহা ৭ অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিব UNESCO ৰ এটা বিশেষ প্ৰতিনিধি দল । ইয়াকে লৈ চৰাইদেউ মৈদামস্থলীত দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি । নতুন ৰূপত আকৰ্ষণীয়কৈ সজাই -পৰাই তোলা হৈছে চৰাইদেউ মৈদামস্থলী ।
UNESCO ৰ প্ৰতিনিধি দল অহাৰ পূৰ্বে চৰাইদেউৰ মৈদামস্থলীত চলি থকা প্ৰস্তুতি তথা সৌন্দৰ্য বৰ্ধনৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে সঘনাই বুজ লৈছে অসম চৰকাৰৰ প্ৰতিনিধিৰ লগতে বিভাগীয় বিষয়াসকলে । কেইটামান দিনৰ পূৰ্বে অসম চৰকাৰৰ চাৰিগৰাকী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, যোগেন মহন আৰু নন্দিতা গাৰ্লোচাই ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি যাৱতীয় কাম-কাজৰ বুজ লৈছিল ৷