মৰাণ,২৬ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে ৭৩ তম গণৰাজ্য দিৱস (Republic day celebration in Assam)। ক'ভিড বিধি পালন কৰি কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ চৌকিডিঙ্গী খেলপথাৰতো আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচীত উপস্থিত থাকি পতাকা উত্তোলন কৰে (Minister Keshab Mahanta hoists flag in Dibrugarh)।
ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙ্গী খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ প্ৰথমে দেশৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছত সেমেকা বতৰৰ মাজতেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে । পতাকা উত্তোলনৰ অন্তত মন্ত্ৰী গৰাকীয়ে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ৰাজ্য চৰকাৰৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে ।