মৰাণ, 3 জুলাই : ‘‘বানাক্ৰান্তৰ শিবিৰত আজিলৈকে কোনো খাদ্যৰ অভাৱ হোৱা নাই । বৰ্তমানো চৰকাৰৰ পুঁজি যথেষ্ট আছে । বিৰোধীৰ কোনো ইছ্যু নাই বাবে যি টি কৈ আছে । বিৰোধীয়ে কেৱল ৰাইজক দেখাবলৈ কিবা এটা ক'ব লাগে বাবেই কৈ দিয়ে’’ ৷ দেওবাৰে মৰাণত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan at Moran) ৷
লগতে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, অসমৰ সকলো জিলাতে চৰকাৰখনে বানাক্ৰান্ত ৰাইজক সাহায্য দি আছে । সময়ত কেন্দ্ৰীয় চৰকাৰেও পুঁজিৰ যোগান ধৰিব । তেওঁ আৰু কয়, ‘‘আমি দুৰ্যোগৰ সময়ত ৰাইজৰ লগত থাকো । বিৰোধীয়েহে দুৰ্যোগৰ সময়ত আন্দোলন কৰে’’ ।