অসম

assam

২ লাখ লোকক ভূমি পট্টা প্ৰদানৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ

By

Published : May 15, 2021, 1:42 PM IST

ৰাজহ মন্ত্ৰী যোগেন মহনে ৬ মাহৰ ভিতৰত নতুন চৰকাৰে ২ লাখ লোকক ভূমি পট্টা দিব বুলি আশ্বাস প্ৰদান কৰে ৷

২ লাখ লোকক ভূমি পট্টা প্ৰদানৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ
২ লাখ লোকক ভূমি পট্টা প্ৰদানৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ

মৰাণ,15 মে’: মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাচত মাহমৰা সমষ্টিৰ বিধায়ক তথা পূৰ্বৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে নতুন মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীত্ব লাভ কৰিছে । নতুনকৈ কেবিনেট মন্ত্ৰীত্ব লাভ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনে পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত ৰাজহ বিভাগৰ ৰৈ যোৱা কাম সম্পূৰ্ণ কৰা হ'ব বুলি মন্তব্য কৰে ।

২ লাখ লোকক ভূমি পট্টা প্ৰদানৰ আশ্বাস মন্ত্ৰী যোগেন মহনৰ

আনফালে,দায়িত্ব গ্ৰহণ কৰি ৰাজহ বিভাগৰ সকলো বিষয়াৰ লগত আলোচনাত মিলিত হৈ বিভাগটোৰ সকলো কাম দ্ৰুতগতিত আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে নতুন ৰাজহ মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, অসমত ৬ মাহৰ ভিতৰত নতুন চৰকাৰে ২ লাখ খিলঞ্জীয়া মানুহক ভূমি পট্টা প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ৰাইজৰ কাষত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ

ABOUT THE AUTHOR

...view details