মৰাণ, 17 আগষ্ট :"কংগ্ৰেছৰ দলৰ সমান্তৰালভাৱে ৰাইজৰ দলৰো বহু কেইজন শীৰ্ষ নেতাই বিজেপিত যোগদান কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইতিমধ্যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৰাইজৰ দলৰ বহু নেতাই যোগদানৰ প্ৰাৰম্ভিক কথা-বতৰা আৰম্ভ কৰিছে ৷" এই চাঞ্চল্যকৰ মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷ অখিল গগৈৰ সংগ ত্যাগ কৰি ৰাইজৰ দলৰ বহু নেতাই বিজেপিত যোগদান কৰিব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ৷
ৰাইজৰ দলৰ কোন কোন নেতা বিজেপিমুখী ? অখিল গগৈয়ে উপ-নিৰ্বাচনক লৈ তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে মঙলবাৰে চৰাইদেউৰ সোণাৰিত মন্ত্ৰী যোগেন মহনে কয়, কংগ্ৰেছ দলক লৈ ৰাইজৰ কোনো ধৰণৰ আশ্বাস নাই এতিয়া । বিজেপি চৰকাৰৰ উন্নয়ন দেখি সকলো এতিয়া বিজেপি দলত যোগদান কৰিছে । শেহতীয়াকৈ ৰাইজৰ দলৰ একাংশ নেতাই বিজেপিত যোগদান কৰিবলৈ বিজেপিৰ ৰাজ্যিক দলীয় নেতৃত্বৰ সৈতে যোগাযোগ স্থাপন কৰিছে ।
লগতে পঢ়ক:ৰাজহুৱা যাতায়ত ব্যৱস্থা বন্ধ; কিন্তু আশীৰ্বাদ যাত্ৰা সফল কৰাত তৎপৰ দিছপুৰ
ৰাজ্যৰ 5 টাকৈ সমষ্টিৰ উপ-নিৰ্বাচনৰ চিন্তা-চৰ্চাত ব্যস্ত এতিয়া শাসক-বিৰোধী সকলো ৰাজনৈতিক দল । উপ-নিৰ্বাচনক লৈ শাসক দল বিজেপিৰ তৎপৰতাৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছে সকলো বিৰোধী ৰাজনৈতিক দলক একলগ কৰি উপ-নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।
অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে চৰ্ত সাপেক্ষে মিত্ৰতা কৰিবলৈ আগবাঢ়িছিল যদিও শেষ পৰ্যায়ত সেয়া সম্ভৱ নোহোৱাটোৱেই চূড়ান্ত হৈছেগৈ ৷ ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ দলকে ধৰি আন বিৰোধী দলৰ নেতা-কৰ্মী, বিধায়কে বিজেপিলৈ ঢাপলি মেলা কাৰ্যই শ'লঠেকত পেলাইছে বিৰোধী শিৱিৰক ৷
মন্ত্ৰী মহনে ৰাইজৰ দলৰ কোন কোন নেতাই বিজেপিত যোগদান কৰিব সেই কথা স্পষ্টকৈ কোৱা নাই ৷ তথাপিও একাংশ ৰাইজৰ দলৰ শীৰ্ষ নেতাই যে বিজেপিৰ সৈতে যোগাযোগ কৰা বুলি যোগন মহনে কোৱা কথাষাৰে বৰ্তমান সময়ত বিশেষভাৱে তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক:ৰাইজৰ দলৰে নহয় অসম জাতীয় পৰিষদৰেহে মিত্ৰতা হ’ব কংগ্ৰছৰ !