অসম

assam

ETV Bharat / state

সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা ! - নৰেন্দ্ৰ মোডী

জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ মন্ত্ৰী যোগেন মহনৰ ৷ মন্ত্ৰী গৰাকীৰ মতে উপ-নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই জন আশীৰ্বাদ যাত্ৰাৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক ৰাজ্যবাসী আৰু দেশবাসীৰ ওচৰত চিনাকি কৰাই দিয়াই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য ৷

Ashirbad yatra
সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰোৱাৰ প্ৰাসংগিকতা ক’ত ?

By

Published : Aug 24, 2021, 4:22 PM IST

মৰাণ, 24 আগষ্ট : ‘‘কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক ৰাজ্যবাসী আৰু দেশবাসীৰ ওচৰত চিনাকি কৰাই দিয়াই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য ৷ জন আশীৰ্বাদ যাত্ৰা নৰেন্দ্ৰ মোডীৰ এক ইচ্ছা ৷ উপ-নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই জন আশীৰ্বাদ যাত্ৰাৰ ৷’’ এই মন্তব্য মন্ত্ৰী যোগেন মহনৰ ৷

অন্ত পৰিল সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা ৷ 21 আগষ্টত বৰঝাৰ বিমান বন্দৰৰ পৰা আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাৰ সোমবাৰে অৰ্থাৎ 23 আগষ্টত অন্ত পৰে শিৱসাগৰত ৷ এই যাত্ৰাৰ দ্বাৰা বিজেপিৰ ছখন জিলা সমিতিক সামৰি লোৱাৰ লগতে অতিক্ৰম কৰে প্ৰায় ৩৭৫ কিলোমিটাৰ পথ ।

কিন্তু ক’ভিড পৰিস্থিতিৰ মাজতে বিজেপিয়ে আয়োজন কৰা এই জন আশীৰ্বাদ যাত্ৰাক কঠোৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হয় বিৰোধী দল সংগঠন সমূহে ৷ ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবেই বিজেপিয়ে এইদৰে নিজে জাৰী কৰা নীতি ভংগ কৰি সমদল আৰু সভা অনুষ্ঠিত কৰা বুলি বিৰোধীয়ে কটাক্ষ কৰে ৷

লগতে পঢ়ক :Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

বিৰোধীৰ এই সমালোচনাৰ উত্তৰত বিজেপি দলৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে কয় যে, উপ-নিৰ্বাচনৰ সৈতে জন আশীৰ্বাদ যাত্ৰাৰ কোনো সম্পৰ্ক নাই ৷

সৰ্বানন্দ সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰোৱাৰ প্ৰাসংগিকতা ক’ত ?

জন আশীৰ্বাদ যাত্ৰাই উপ-নিৰ্বাচনত কি প্ৰভাৱ পেলাব বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে, যিহেতু উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা নাই তেনেস্থলত আশীৰ্বাদ যাত্ৰাই উপ-নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ কোনো ধৰণৰ কথা থাকিব নোৱাৰে । কিন্তু জন আশীৰ্বাদ যাত্ৰা নহ'লেও উজনি অসমত উপ-নিৰ্বাচন হ'ব লগা সমষ্টিকেইটাত বিজেপি জয় হোৱাৰ পৰিৱেশ আছে ৷

লগতে পঢ়ক :Jan Ashirwad Yatra: ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

তেওঁ লগতে কয় যে, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক ৰাজ্যবাসী আৰু দেশবাসীৰ ওচৰত চিনাকি কৰাই দিয়াই জন আশীৰ্বাদ যাত্ৰাৰ মূল লক্ষ্য ৷ আশীৰ্বাদ যাত্ৰা নৰেন্দ্ৰ মোডীৰ এক ইচ্ছা বুলি উল্লেখ কৰে যোগেন মহনে ৷

বিজেপি দলৰ কেবিনেট মন্ত্ৰীজনে আশীৰ্বাদ যাত্ৰাক উপ-নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিলেও বিৰোধীয়ে কিন্তু জন আশীৰ্বাদ যাত্ৰাক লৈ তীব্ৰ সমালোচনা কৰিছে । কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে জ্যেষ্ঠ নেতা সকলে বিজেপিৰ আশীৰ্বাদ যাত্ৰা উপ নিৰ্বাচনৰ প্ৰচাৰৰ এক কৌশল বুলি সমালোচনা কৰিছে ৷ অখিল গগৈয়ে আশীৰ্বাদ যাত্ৰা কৰি সৰ্বানন্দ সোণোৱালে আশীৰ্বাদ বিচাৰিলেও অসমৰ ৰাইজে আশীৰ্বাদৰ নিদিয়ে বুলি কটাক্ষ কৰিছিল ৷

লগতে পঢ়ক :জন আশীৰ্বাদ যাত্ৰাত ৰাইজে স্বতঃস্ফুৰ্তভাৱে সহযোগ কৰিছে : সৰ্বানন্দ সোণোৱাল

সোমবাৰে ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মত ব্যক্ত কৰে যে, সোণোৱালে আচলতে আশীৰ্বাদ বিচৰাতকৈ ক্ষমাহে খুজিব লাগে ৰাইজৰ ওচৰত ৷ তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীত্বৰ কালত অসমবাসীক কেৱল প্ৰতাৰণা কৰিলে সৰ্বানন্দ সোণোৱালে ৷ মাজুলীবাসীৰ আশাকো সৰ্বানন্দ সোণোৱালে হত্যা কৰা কৰা বুলি উল্লেখ কৰি ক্ষমা খুজিবলৈ পৰামৰ্শ আগবঢ়ালে ভূপেন বৰাই ৷

সোণোৱাল আহিল, যাত্ৰা কৰিলে ৷ যি সোণোৱালক অসমৰ ৰাইজে চিনি পাইছিল মুখ্যমন্ত্ৰী হিচাপে, সেই সোণোৱাল একেজনেই আছে ৷ মাথোঁ সলনি হৈছে তেওঁৰ পদবী ৷ কিন্তু যোগেন মহনে কোৱাৰ দৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক অসমবাসীৰ আগত চিনাকী কৰি দিয়া কথাটোৱে এই সমগ্ৰ যাত্ৰাৰ নামত ব্যয় কৰা ধনৰ অপচয়ৰ লগতে সমগ্ৰ যাত্ৰাটোক এক অনৰ্থক কাৰ্য হিচাপে প্ৰতিপন্ন কৰিছে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীত্বৰ সময়ত অসমবাসীক জীয়া ঠগন দিছে সৰ্বানন্দই : ভূপেন বৰা

ABOUT THE AUTHOR

...view details