মৰাণ, 28 মে' : "ভৰত নৰহে অতি শীঘ্ৰে ৰাজ্যৰ বাসীৰ লগতে আহোম জনগোষ্ঠীৰ লোক সকলৰ ওচৰত ক্ষমা খোজক ৷ তেওঁ অসম বুৰঞ্জী নপঢ়াকৈ এই মন্তব্য প্ৰকাশ কৰিছে ৷" বিধায়ক ভৰত নৰহক অসম বুৰঞ্জী পঢ়িবলৈ আহ্বান জনাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নৱ নিৰ্বাচিত ৰাজহ মন্ত্ৰী যোগেন মহনে ৷
বিধায়ক ভৰত নৰহক শীঘ্ৰে ৰাজ্যৰবাসীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান যোগেন মহনৰ ৷ সাংবাদিকক সম্বোধন কৰি বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে ৷