মৰাণ, 20 জানুৱাৰী:পথ দুর্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ বিভিন্ন ঠাইত পথ সুৰক্ষা সজাগতাৰ কাৰ্যসূচী পালন কৰা হয় । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰাণতো "পথ সুৰক্ষা, জীৱন ৰক্ষা" শীৰ্ষক থীমেৰে পথ সুৰক্ষা সজাগতাৰ মূল কাৰ্যসূচী পালন কৰা হয় । মৰাণত অনুষ্ঠিত পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত বুধবাৰে ৰাজ্যিক গড়কাপ্তানী আৰু ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে ৷
মৰাণত পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণ - পথ সুৰক্ষা মাহ
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰাণতো অনুষ্ঠিত হ'ল পথ সুৰক্ষা মাহ ৷ "পথ সুৰক্ষা, জীৱন ৰক্ষা" শীৰ্ষক থীমেৰে আয়োজিত পথ সুৰক্ষা সজাগতাৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণ ৷ হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে সকলোকে আহ্বান মন্ত্ৰী গৰাকীৰ ৷
![মৰাণত পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণ minister jogen mohan participated in road safety awareness programme in moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10317303-333-10317303-1611159751696.jpg)
minister jogen mohan participated in road safety awareness programme in moran
মৰাণত চৰাইদেউ জিলাৰ পথ সুৰক্ষা সমিতিৰ দ্বাৰা আয়োজিত সজাগতামূলক শোভাযাত্ৰাত মন্ত্ৰীজনে অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতা সভাতো ভাগ লয়। সজাগতামূলক সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে মটৰচাইকেল চালক আৰু আৰোহী সকলোকে হেলমেট পৰিধান কৰা, নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰা আৰু যান-বাহন আইন মানি চলাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক:ডিব্ৰুগড়ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অগ্ৰগতি পৰিদৰ্শন প্ৰশাসনিক বিষয়াৰ