ডিব্ৰুড়, 27 ছেপ্টেম্বৰ: "ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ (EX minister Paban Singh Ghatowar) আৰু তেওঁৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে (Congress leader Pranjal Ghatowar) বিজেপিত যোগদানৰ প্ৰসংগ আমি যোৱা বছৰৰ পৰাই শুনি আছো (Pranjal Ghatowar to Possibly Joins BJP) ৷ এইটো সম্পূৰ্ণ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমিতিৰ নেতৃত্বৰ কথা ৷ শেহতীয়াকৈ আমাৰ দলে কোনো লোক যদি যোগদান কৰিব খোজে তেনেহ’লে মণ্ডলৰ পৰা জিলালৈ, জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ অনুমোদন সাপেক্ষেহে যোগদান কৰিব পাৰিব’’ ৷ এই মন্তব্য মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷
তেওঁ লগতে কয়, ‘‘কোনোবা দললৈ যদি আহিলে আমাৰ দলটোৰ ভাল হয়, শক্তিশালী হয় তেনেকুৱাকৈ যোগদান কৰাত আমাৰ আপত্তি নাথাকে ৷ কিন্তু এতিয়া আমি বহু ঠাইত দেখিছো কোনোবা দলত যোগদান কৰাৰ পিছতেই বহু ঠাইত কেলেংকাৰী ওলাই অথবা পূৰ্বতে গ্ৰেপ্তাৰ হৈছে, এনেকুৱা ধৰণৰ লোক যাতে দলত যোগদান কৰি দলৰ ভাৱমূৰ্তি নষ্ট কৰিব নোৱাৰে, সেইকাৰণে আমাৰ দলে এইখিনি সময়ত যোগদানৰ ক্ষেত্ৰত খুউব সাৱধান ৷" মঙলবাৰে মৰাণত এক সংবাদমেলযোগে এই মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan on Pranjal Ghatowar to Possibly Joins BJP) ৷
ৰাজ্যত পুনৰ চৰ্চাত প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদানৰ প্ৰসংগ ৷ যোৱা 8 অক্টোবৰত গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কংগ্ৰেছৰ বহু কেইজন নেতাই বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে ৷
ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে পুনৰ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ।