মৰাণ,১১ ফেব্ৰুৱাৰী :সমাগত লোকসভা নিৰ্বাচন (Loksabha Election 2024)। লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দল তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে পুনৰ এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ বিষয়ত আলোচনা কৰিবলৈ দিল্লীলৈ এটা দিনৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক মাতি নিয়া বুলি খবৰ ওলাইছে (Congress AIUDF alliance controversy)।
ইয়াৰ পাচতেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে । ৰাজ্যত পুনৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ কথা চৰ্চা চলাৰ পাচতে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলো ব্যস্ত হৈছে বিৰোধীক সমালোচনা কৰাত (BJP leader on Congress AIUDF alliance)। বিভিন্ন প্ৰকাৰে শাসকীয় পক্ষই আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক ।
দুয়োটা দলৰ মিত্ৰতাক লৈ এইবাৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে । মন্ত্ৰী যোগেন মহনে মৰাণৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এতিয়া আনক দেখুৱাই ইলুটি-সিলুটি । কংগ্ৰেছ এতিয়া অবৈধ বাংলাদেশী আৰু অবৈধ ভোটাৰৰ লগত আছে বুলি প্ৰমাণিত হৈছে (Jogen Mahan slams oppositions)।