ডিব্ৰুগড়/কলগাছিয়া, ১ মে' :আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day 2022)। শ্ৰমিকসকলৰ সন্মানৰ অৰ্থে বিশ্বজুৰি পালন কৰা হৈছে এই দিৱসৰ । সমান্তৰালকৈ অসমৰো ভিন্ন প্ৰান্তত শ্ৰমিক দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । এই বিশেষ দিনটোত দেশ নিৰ্মাণত নিয়োজিত হৈ থকা প্ৰতিগৰাকী শ্ৰমিকক দিৱসৰ শুভেচ্ছা জনালে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mahan greets workers on Labour Day)।
মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শ্ৰমিকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে । এই আঁচনিসমূহ গ্ৰহণ কৰিবলৈ সকলো শ্ৰমিককে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।
ইফালে বৰপেটা জিলাৰ কলগাছিয়াটো শ্ৰমিক দিৱস পালন কৰা হৈছে । কলগাছিয়া চাৰিআলি চকত কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয় (Kalgachia Motor Labour Union celebrates Labour Day)। পুৱা পতাকা উত্তোলন কৰাৰ লগতে মটৰ শ্ৰমিকসকলৰ বিভিন্ন দাবী সম্বলিত শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে শ্ৰমিকসকলে ।