মৰাণ, 10 জুলাই: প্ৰতিজন লোককে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা বাবে কেন্দ্ৰীয় মোডী চৰকাৰে ৰূপায়ণ কৰিছে জল জীৱন মিচন আঁচনি (Jal Jeevan Mission) । জল জীৱন মিছনৰ কাম তৎপৰতাৰে কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এই পৰ্যন্ত এই আঁচনিৰ জড়িয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিব্ৰুগড় চক্ৰৰ ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু নাজিৰা সংমণ্ডলৰ উচ্চপদস্থ বিষয়াসকল, চক্ৰ বিষয়াসকলৰ সৈতে জল জীৱন মিচনৰ এক পৰ্যালোচনা বৈঠকত মিলিত হৈ কামৰ অগ্ৰগতিৰ খতিয়ান লয় (Jayanta Malla Baruah in Dibrugarh) ।
লগতে ভূমি সম্পৰ্কীয় সমস্যাৰ লগতে আঁচনিখন ৰূপায়ণৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি তাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু মিচনৰ নিৰ্ধাৰিত কামসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে (Jal Jeevan Mission in Assam)।