ডিব্ৰুগড়, 11 অক্টোবৰ : দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় 'অসম জাতীয় পৰিষদ'ৰ উপদেষ্টা ড৹ নগেন শইকীয়াৰ বাসগৃহত । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ বাসগৃহত প্ৰায় আধা ঘণ্টা ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ ডিব্ৰুগড়ৰ চৌকিডিঙীত অনুষ্ঠিত ৰাজ্যিক মহিলা মৰ্চাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি সাক্ষাৎ কৰে ড৹ নগেন শইকীয়াক ৷
ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ অহা বুলি উল্লেখ কৰে ৷ লগতে, সাহিত্যিক গৰাকীৰ সৈতে পূৰ্বৰ পৰাই ব্যক্তিগত সম্পৰ্ক থকাৰ বাবে খবৰ লোৱা বুলি উল্লেখ কৰে ৷ আনহাতে, বিশিষ্ট সাহিত্যিক গৰাকীয়েও হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত খবৰ লবলৈ অহা বুলি উল্লেখ কৰে ৷