অসম

assam

ETV Bharat / state

চাবুৱাত নিৰ্মাণ হ’বলগীয়া ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ - চাবুৱাত ক্ৰীড়া বিশ্ববিদ্যালয়

সোমবাৰে চাবুৱাত উপস্থিত হৈ প্ৰতিষ্ঠা হ’বলগীয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন বিভাগীয় মন্ত্ৰী বিমল বৰাৰ ৷ বিশ্ববিদ্যালয়খন স্থাপনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি আগন্তুক দহদিনৰ ভিতৰত নিষ্পত্তি কৰিবলৈ অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ বিভাগক কঠোৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

minister bimal borah visited to Sports University place
চাবুৱাত মন্ত্ৰী বিমল বৰা

By

Published : Jun 1, 2021, 6:06 PM IST

মৰাণ, 1 জুন : চাবুৱাৰ দিনজয়ত প্ৰতিষ্ঠা হ’বলগীয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ স্থান সোমবাৰে পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী বিমল বৰাই । বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত ৰাইজৰ ওচৰলৈ আহি বিভাগক কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

দেশৰ দ্বিতীয়খন বিশ্ববিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰি ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি আগন্তুক দহদিনৰ ভিতৰত নিষ্পত্তি কৰিবলৈ তেওঁ অতিৰিক্ত উপায়ুক্ত, ৰাজহ বিভাগক কঠোৰ নিৰ্দেশ দিয়ে । চাবুৱাৰ দিনজয় সত্ৰৰ সমীপতে গুৰুজনাৰ নামত নিৰ্মাণ হ’বলগীয়া এই বিশ্ববিদ্যালয় তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপোন বাস্তৱায়িত কৰিবলৈ লোৱাত স্থানীয় ভূমিদাতা সকলকো ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

চাবুৱাত মন্ত্ৰী বিমল বৰা

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে ভূমি প্ৰদান কৰা পট্টাদাতাই ক্ৰীড়া মন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰি উপৰিপুৰুষৰ পৰা বৰ্তমানৰ সতি-সন্ততিয়ে ভূমি নামজাৰি নকৰাত বিশৃংখলতা দূৰ, কৃষক হিচাপে দাতাসকলৰ পৰিয়ালক বিশ্ববিদ্যালয়ত সংস্থাপনৰ লগতে স্থানীয় বাট-পথ উন্নতিকৰণৰ বাবে আহ্বান জনায় । স্মাৰক পত্ৰখনত ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈও উল্লেখ কৰা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জি পি বাৰ্মা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাৰ লগতে প্ৰশাসনিক বিষয়াসকল ৷

লগতে পঢ়ক :নিশ্চয়তা: ৰাজ্যত ঘৰে ঘৰে হ'ব ক'ভিড পৰীক্ষা

ABOUT THE AUTHOR

...view details