অসম

assam

ETV Bharat / state

Bimal Bora VS Lurinjyoti Gogoi : টিংখাঙত এক অসম যাত্ৰা বিফল কৰিবলৈ মন্ত্ৰী বিমল বড়াৰ অমৃত কলহ যাত্ৰা

টিংখাঙত মন্ত্ৰী বিমল বড়া VS লুৰীণজ্যোতি গগৈ ৷ টিংখাঙত এইবাৰ এক অসম যাত্ৰা বিফল কৰিবলৈ মন্ত্ৰী বিমল বড়াই উলিয়ালে অমৃত কলহ যাত্ৰা ৷ দুটা স্থানত শ শ দলীয় কৰ্মীক ব্যস্ত কৰি ৰাখিলে মন্ত্ৰী বিমল বড়াই ৷

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:23 AM IST

Bimal Bora VS Lurinjyoti Gogoi
এক অসম যাত্ৰা VS অমৃত কলহ যাত্ৰা

এক অসম যাত্ৰা VS অমৃত কলহ যাত্ৰা

ডিব্ৰুগড়, 7 অক্টোবৰ :সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু চাওলুং চ্যুকাফাৰ লগতে শংকৰদেৱৰ আদৰ্শ পুনৰ প্ৰতিষ্ঠা কৰাটো মূল লক্ষ্য হিচাপে লৈ "এক অসম যাত্ৰা" আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ এই যাত্ৰা ধুবুৰীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি ।

সমাগত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত অসম জাতীয় পৰিষদৰ এই এক অসম যাত্ৰা সহজভাৱে ল'ব পৰা নাই শাসক দলৰ বিজেপিৰ নেতা-মন্ত্ৰীসকলে । অসমৰ জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত উলিওৱা এক অসম যাত্ৰা কাৰ্যসূচীক তীব্ৰ ভাষাৰে বিজেপিৰ লগতে অসম গণ পৰিষদে সমালোচনা কৰিছে ।

কোনোবা নেতাই যদি অসম জাতীয় পৰিষদ ক্লাৱৰ পাৰ্টী বুলি কৈছে, আন কোনোবাই আঙুলি মূৰত গণিব পৰা মানুহ লৈ এই যাত্ৰা কৰা বুলি ইতিকিং কৰিছে । শাসক দলৰ কটু সমালোচনাৰ সন্মুখীন হ'লেও এক অসম যাত্ৰাত অভূতপূৰ্ব সঁহাৰি দিছে ৰাইজে । বৃহস্পতিবাৰৰ পৰা দুটা দিনে ডিব্ৰুগড় জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয় পৰিষদে ।

অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক গুৰুত্বহীন বুলি ক'লেও যেন ভয় হৈছে একাংশ বিজেপি নেতাৰ । টিংখাঙত তেনে এক উমান পোৱা গ'ল শুকুৰবাৰৰ দিনটোত । টিংখাঙত এক অসম যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই টিংখাঙৰ দুটাকৈ স্থানত অমৃত কলহ যাত্ৰা কাৰ্যসূচী কৰি শ শ দলীয় কৰ্মীক ব্যস্ত কৰি ৰাখিলে ।

টিংখাঙৰ নিগাম পাঁচআলি ন-খাটত আৰম্ভ হ'ব লগা এক অসম যাত্ৰা কাৰ্যসূচীৰ পূৰ্বেই উক্ত অঞ্চলত কাষতে নাচনী পঞ্চায়তৰ শ শ মহিলাক লগত লৈ পুৱাই অমৃত কলহ যাত্ৰা কৰিলে । ইয়াৰ পাচতে ঔফুলীয়া গাঁও পঞ্চায়তত সেই ধৰণেৰে শ শ মহিলাক লগত লৈ অমৃত কলহ যাত্ৰা কৰি এখন ৰাজহুৱা সভাত অংশ লৈ দলীয় কৰ্মী, আত্মসহায়ক গোটৰ সদস্যসকলক ব্যস্ত কৰি ৰাখিলে ।

এক প্ৰকাৰে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা টিংখাঙত বিফল কৰিবলৈ চেষ্টা চলালে মন্ত্ৰী বিমল বড়াই । তথাপিও টিংখাঙত ৰাইজে সহযোগিতা আগবঢ়ালে অসম জাতীয় পৰিষদক । টিংখাঙৰ বিভিন্ন দল- সংগঠনে এই কাৰ্যসূচীত সহযোগিতা কৰা পৰিলক্ষিত হয় । সভাপতি লুৰীণজ্যোতি গগৈক পথত বহুতে ফুলাম গামোচাৰে উৎসাহিত কৰিলে ।

উল্লেখযোগ্য যে, কংগ্ৰেছ দলে টিংখাঙত বাগিচাই বাগিচাই কংগ্ৰেছ কাৰ্যসূচী ৰূপায়ণ কৰোতে একাংশ বিজেপি কৰ্মীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল । আনকি কংগ্ৰেছৰ সভাত বিজেপি কৰ্মী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল ।

একেধৰণেৰে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা টিংখাঙত শান্তিপূৰ্ণভাৱে সমাপন হ’ল যদিও মন্ত্ৰী বিমল বড়াই অমৃত কলহ যাত্ৰাৰ জৰিয়তে একাংশ ৰাইজক এক অসম যাত্ৰাত অংশগ্ৰহণ কৰাৰ পৰা আঁতৰাই ৰাখিলে অতি কৌশলৰে ।

লগতে পঢ়ক :Internal Conflict in Assam Congress: কিবা এটা কোৱাৰ আগতে ভূপেন বৰাক সুধি ল’ব লাগিব কংগ্ৰেছ কৰ্মীয়ে

ABOUT THE AUTHOR

...view details