অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত জল জীৱন মিছন আঁচনি উদ্বোধন মন্ত্ৰী বিমল বৰাৰ - পানী যোগান আঁচনি

ডিব্ৰুগড়ৰ ৰাজগড়ত ১৮৫ খন বিদ্যালয় আৰু ৬৪ টা অংগনবাড়ী কেন্দ্ৰত খোৱাপানী যোগান আঁচনিৰ উদ্বোধন কৰিলে মন্ত্ৰী বিমল বৰাই ৷

minister-bimal-borah-inaugurated-drinking-water-scheme-at-dibrugarh
ডিব্ৰুগড়ত জল জীৱন মিছনৰ আঁচনি উদ্ধোধন মন্ত্ৰী বিমল বৰাৰ

By

Published : Sep 10, 2021, 5:08 PM IST

মৰাণ,10 ছেপ্তেম্বৰ :ৰাজ্যৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা অৰ্থ্যাৎ সংযোগ প্ৰদান কৰাৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ।এই বৃহৎ পদক্ষেপক সফল ৰূপ দিয়াৰ লক্ষ্যৰে বুধবাৰে ডিব্ৰুগড়ৰ ৰাজগড়ত আয়োজিত এক অনুষ্ঠানত 'জলজীৱন মিছন'ৰ অধীনত টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮৫ খন বিদ্যালয় আৰু ৬৪ টা অংগনবাড়ী কেন্দ্ৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা খোৱাপানী যোগান আঁচনিৰ উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়া, সাংস্কৃতিক, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ।

ডিব্ৰুগড়ত জল জীৱন মিছন আঁচনি উদ্বোধন মন্ত্ৰী বিমল বৰাৰ

পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰি বিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে অপৰিষ্কাৰ পানী খাব নালাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী বিমল বৰাই ।

ডিব্ৰুগড়ত জল জীৱন মিছন আঁচনি উদ্বোধন মন্ত্ৰী বিমল বৰাৰ

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা পুঁজি আৰু নাগৰিক সমাজৰ বৰঙণিৰে সমগ্ৰ দেশতে আৰম্ভ কৰিছে জল জীৱন মিছনৰ কাম সেই অনুসৰি ক্ষীপ্ৰতাৰে অসমতো আৰম্ভ কৰা হৈছে আঁচনিখনৰ কাম-কাজ ।

ডিব্ৰুগড়ত জল জীৱন মিছন আঁচনি উদ্বোধন মন্ত্ৰী বিমল বৰাৰ

জানিবপৰা মতে, এই অভিযানৰ কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰথম পৰ্যায়ৰ কামৰ বাবে ২৭ খন জিলাত মুঠ ২১০৩ টা আঁচনিৰ প্ৰশাসনিক অনুমোদন দিয়া হৈছে । এই ২১০৩ টা আঁচনিৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৩২৭৭৪৬.২৯ লাখ টকা । ইয়াৰে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ২৮০২২৩.৬১ লাখ টকা, ৰাজ্য চৰকাৰে খৰছ কৰিব লাগিব ৩১১৩৬.৯০ লাখ টকা ।

লগতে পঢ়কঃ পশ্চিম বংগ উপ নিৰ্বাচন : মনোনয়ন দাখিলৰ বাবে সাজু মমতা বেনাৰ্জী

ABOUT THE AUTHOR

...view details