অসম

assam

ETV Bharat / state

কণ্ঠশিল্পী বিপিন চাউদাঙৰ ফিচাৰী পাৰ্ক পৰিদৰ্শন দুই মন্ত্ৰীৰ - মৰাণ

কৃষিকৰ্মৰে অসমীয়াগিৰি দেখুৱাইছে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে(Bipin Chawdang) ৷ ক’ভিড 19(Covid 19) মহামাৰীয়ে বিপৰ্যস্ত কৰি তোলাৰ সময়তে 12 বিঘা মাটিত পুখুৰী খান্দি মৎস্য পালন কৰাৰ লগতে হাঁহ-কুকুৰা, নেমু, তামোল-পাণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷ শনিবাৰে তেওঁৰ ফিচাৰী পাৰ্ক(Fishery Park)ত উপস্থিত হয় মন্ত্ৰী বিমল বৰা(Bimal Borah) আৰু যোগেন মহন(Jogen Mohan) ৷

minister-bimal-borah-and-minister-jogen-mohan-visited-to-the-fishery-park-of-singer-bipin-chawdang
কণ্ঠশিল্পী বিপিন চাউদাঙৰ ফিচাৰী পাৰ্ক পৰিদৰ্শন দুই মন্ত্ৰীৰ

By

Published : Oct 17, 2021, 9:11 AM IST

মৰাণ, 17 অক্টোবৰ : অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ(Bipin Chawdang) ফিচাৰী পাৰ্ক(Fishery Park)ত শনিবাৰে উপস্থিত হয় মন্ত্ৰী বিমল বৰা(Bimal Borah) আৰু যোগেন মহন(Jogen Mohan) ৷ কণ্ঠশিল্পীগৰাকীৰ এই কৃষি বিকল্পৰ জৰিয়তে ইতিমধ্যে অঞ্চলটোৰ বহুকেইটা পৰিয়ালে কৰ্ম সংস্থাপন লাভ কৰিছে ৷

সংগীত চৰ্চাৰ মাজতে কৃষি কাৰ্য কৰিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Sarbananda Sonowal) তেওঁক সাহস দিয়াৰ লগতে সহায়ৰ হাত আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ৷ বিগত প্ৰায় দুটা বছৰ কৰ’ণা(Corona virus) পৰিস্থিতিয়ে অন্য দিশৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো বিৰূপ প্ৰভাৱ পেলাইছে ৷

বহু সাংস্কৃতিক কৰ্মীয়ে অৰ্থৰ অভাৱত জীৱিকাৰ পথ বিচাৰি হাহাকাৰ কৰিবলগা হৈছে । ইয়াৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে মৰাণৰ খুমটাইত চাউদাং ফিচাৰি পাৰ্কত আৰম্ভ কৰিছে এক কৃষি বিপ্লৱ । মীন পালনেৰে গ্ৰাম্য পৰ্যটন বিকাশৰ বাবে বিপিন চাউদাঙৰ নতুন যাত্ৰা হৈছে চাউদাং ফিচাৰি পাৰ্ক ।

কণ্ঠশিল্পী বিপিন চাউদাঙৰ ফিচাৰী পাৰ্ক পৰিদৰ্শন দুই মন্ত্ৰীৰ

চৰকাৰৰ মীন বিভাগ(Fishery Department)ৰ সহায় লৈ শিল্পীগৰাকীয়ে 12 বিঘা মাটিত পুখুৰী খান্দি মৎস্য পালন কৰাৰ লগতে হাঁহ-কুকুৰা, নেমু, তামোল-পাণৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে প্ৰায় পাঁচজন লোক নিয়োগ কৰি পুখুৰীৰ পাৰত বিভিন্ন ধৰণৰ ফল-মূলৰ গছৰ লগতে কলগছ ৰোপণ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷

যি সময়ত ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন নাপাই হতাশ হ’বলগীয়া হৈছে, তেনে সময়তে কণ্ঠশিল্পী বিপিন চাউদঙে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিৰ্দশন দেখুৱাইছে । কণ্ঠশিল্পীগৰাকীৰ এই কৰ্মৰ শলাগ লোৱাৰ লগতে তেওঁৰ ফিচাৰীৰ সমীপত এখন সভা আয়োজন কৰে লগতে উপস্থিত মন্ত্ৰীদ্বয়ে ৷

লগতে পঢ়ক :সংগীত এৰি পথাৰত কি কৰিছে কণ্ঠশিল্পী বিপিন চাউদাং

ABOUT THE AUTHOR

...view details