অসম

assam

ETV Bharat / state

ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব মোৱামৰীয়া থান

সোমবাৰে ডিব্ৰুগড়ৰ খোৱাঙত থকা "মোৱামৰীয়া থান" আৰু প্ৰাচীন "স্মৃতি সৌধ" পৰিদৰ্শন কৰে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই । ঐতিহাসিক স্থান পৰিদৰ্শন কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

Minister Bimal Bora visited Muwamoriya Than
নতুন চৰকাৰে সংৰক্ষণ কৰিব প্ৰাচীন কীৰ্তিচিহ্ন

By

Published : May 18, 2021, 2:15 PM IST

মৰাণ,১৮ মে': ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত থকা ৰজাদিনীয়া বহু প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰা দেখিবলৈ পোৱা গৈছে । প্ৰতিখন চৰকাৰে ঐতিহাসিক সমল, কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱত কিন্তু আজিও আহোম স্বৰ্গদেউসকলৰ দিনৰ বহু ঐতিহাসিক সমল ধ্বংসৰ গৰাহত পৰিছে ।

নতুন চৰকাৰে সংৰক্ষণ কৰিব প্ৰাচীন কীৰ্তিচিহ্ন

ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ খোৱাঙত থকা "মোৱামৰীয়া থান" আৰু প্ৰাচীন "স্মৃতি সৌধ" অন্যতম । এইবাৰ খোৱাং কলৌলোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত থান গাঁৱৰ "মোৱামৰীয়া থান" আৰু প্ৰাচীন "স্মৃতি সৌধ" স্থান পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই ।

নতুন চৰকাৰে সংৰক্ষণ কৰিব প্ৰাচীন কীৰ্তিচিহ্ন

মন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক স্থান পৰিদৰ্শন কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা কথা সদৰী কৰে । লগতে তেওঁ কয় যে প্ৰাচীন স্মৃতি সৌধবোৰ উপযুক্ত সংৰক্ষণ আৰু পৰ্যটনস্থলী হিচাপে যাতে উত্তৰণ কৰিব পৰা যায়, এইক্ষেত্রত যথোচিত ব্যবস্থা গ্রহণ কৰিবলৈ পদক্ষেপ লোৱা হ'ব ।

লগতে পঢ়ক:ক'ভিডত আক্ৰান্ত হৈ গহপুৰত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details