ETV Bharat Assam

অসম

assam

ETV Bharat / state

বুঢ়ীদিহিঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ - গৰাখহনীয়া

বিভাগীয় বিষয়াসকলক লগত লৈ ডিব্ৰুগড় জিলাৰ খোৱাং কলৌলোৱাত বুঢ়ীদিহিঙৰ খহনীয়া পৰিদৰ্শন কৰিলে মন্ত্ৰী বিমল বৰাই ৷ ইয়াৰ পাচতে বিভাগীয় অভিযন্তা আৰু বিষয়াবৰ্গত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

erosion of burhidihing
নিশাৰ ভাগত বুঢ়ীদিহিঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ
author img

By

Published : Jun 21, 2021, 4:59 PM IST

মৰাণ, 21 জুন : বুঢ়ীদিহিঙৰ খহনীয়া প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰা ৷ ইতিমধ্যে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে খহনীয়া সৃষ্টি কৰা প্ৰতিটো অঞ্চল মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে মৰাণ, টিংখাং আদিকে ধৰি কেইবাটাও অঞ্চলত ব্যাপক খহনীয়া সৃষ্টি কৰিছিল ৷

এনে পৰিপ্ৰেক্ষিততে বিভাগীয় বিষয়াসকলক লগত লৈ ডিব্ৰুগড় জিলাৰ খোৱাং কলৌলোৱাত বুঢ়ীদিহিঙৰ খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই ৷ ইয়াৰ পাচতে উক্ত অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তা আৰু বিষয়াবৰ্গক নিৰ্দেশ দিয়ে মন্ত্ৰী বিমল বৰাই ৷

মন কৰিবলগীয়া যে, প্ৰতিবছৰে বুঢ়ীদিহিঙৰ গৰাখহনীয়াই তাণ্ডৱ ৰূপ ধাৰণ কৰে ৷ এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰী-বিষয়াই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ আজিকোপতি সেই প্ৰতিশ্ৰুতি কাৰ্যত পৰিণত নহ'ল ৷

পূৰ্বৰে পৰা বুঢ়ীদিহিঙৰ খহনীয়াৰ সন্দৰ্ভত ৰাইজৰ মতামত লৈ ইটিভি ভাৰত অসমত ধৰাবাহিক বাতৰি প্ৰকাশ পাই আহিছে ৷ ৰাইজে সদৰী কৰা মতে, প্ৰতিবছৰে সৃষ্টি হোৱা দিহিঙৰ খহনীয়াৰ ফলত বহু লোকৰ সা-সম্পত্তি বুঢ়ীদিহিঙৰ বুকুত জাহ গৈছে ৷ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে বিভাগী মন্ত্ৰী-বিষয়াক আবেদন-নিবেদন কৰি আহিছিল ৷ কিন্তু কাৰ্যতঃ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হোৱা নাছিল ৷

লগতে পঢ়ক: গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details