অসম

assam

ETV Bharat / state

Historical Nahor Pukhuri : খোৱাঙৰ ৰজাদিনীয়া ঐতিহাসিক নাহৰ পুখুৰী সংৰক্ষণৰ বাবে তৎপৰ মন্ত্ৰী বিমল বড়া - ঐতিহাসিক নাহৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধন

কদৰ্য ৰূপ লৈছে ডিব্ৰুগড়স্থিত খোৱাঙৰ ৰজাদিনীয়া ঐতিহাসিক নাহৰ পুখুৰীয়ে ৷ এই পুখুৰীটো সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ ৷ দীৰ্ঘদিনীয়া এই অভিযোগ খোৱাংবাসীৰ ৷ ৰাইজৰ এই অভিযোগৰ পাচতে নাহৰ পুখুৰীটো সংৰক্ষণৰ বাবে তৎপৰ হৈছে মন্ত্ৰী বিমল বড়া ৷

Historical Nahor Pukhuri
কদৰ্য ৰূপ লৈছে ডিব্ৰুগড়স্থিত খোৱাঙৰ ৰজাদিনীয়া ঐতিহাসিক নাহৰ পুখুৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 12:37 PM IST

ডিব্ৰুগড়, 30 ছেপ্টেম্বৰ : চৰকাৰ আহিছে আৰু গৈছে ৷ কিন্তু কোনো এখন চৰকাৰৰে দৃষ্টি পৰা নাছিল ডিব্ৰুগড়ৰ খোৱাং বেতনিত থকা ঐতিহাসিক নাহৰ পুখুৰীত । প্ৰতিখন চৰকাৰে ঐতিহাসিক সমল, কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ কথা কৈ আহিছে যদিও বাস্তৱত কিন্তু আজিও বহু আহোম স্বৰ্গদেউসকলৰ দিনৰ ঐতিহাসিক সমল ধ্বংসৰ গৰাহত পৰিছে । এই অভিযোগ ডিব্ৰুগড়ৰ খোৱাংবাসীৰ ৷

জানিব পৰা মতে, 1552 চনতে খোঁৰা ৰজাই তেওঁৰ পুত্ৰ নাহৰৰ নামত খোৱাং বেতনিত খন্দোৱা নাহৰ পুখুৰী বৰ্তমান সংৰক্ষণৰ অভাৱত ধ্বংসৰ গৰাহত পৰিছে । প্ৰায় 40 বিঘাৰ মাটিজুৰি থকা ঐতিহাসিক পুখুৰিটো ডিব্ৰুগড় জিলাখনৰ ভিতৰতে ডাঙৰ আৰু দ’ ঐতিহাসিক পুখুৰী ।

নাহৰ পুখুৰী পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বড়াই

ৰাইজে এই ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ বাবে দাবী জনাই অহা পাচতেই পুখুৰীৰটো সংৰক্ষণৰ বাবে তৎপৰ হৈছে টিংখাঙৰ বিধায়ক তথা উদ্যোগ মন্ত্ৰী বিমল বড়া । ৰাইজৰ অভিযোগ, মাজে সময়ে ঠিকাদাৰক বৃহৎ ধনৰ পুঁজি মোকলাই দি পুখুৰীটো পৰিষ্কাৰ কৰিবলৈ দিয়ে যদিও ঠিকাদাৰে বিভাগীয় বিষয়াৰ লগত মিলি কাম নকৰাকৈ ধন আত্মাসাৎ কৰি আহিছিল ।

কিন্তু এইবাৰ পুখুৰীটো সংৰক্ষণৰ বাবে আৰু মাছ পালনৰ বাবে উদ্যোগ লৈছে মন্ত্ৰী বিমল বড়াই । শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক পুখুৰিটো পৰিদৰ্শন কৰি কাম কাজৰ তদাৰক কৰা পৰিলক্ষিত হয় । ঐতিহাসিক পুখুৰিটোত যাতে মাছ পালন কৰি স্থানীয় যুৱকসকলক সংস্থাপন দিব পাৰি তাৰে লক্ষ্য মন্ত্ৰীগৰাকী ৷

সেয়ে শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে বিভাগৰ বিষয়াৰ সৈতে ঐতিহাসিক নাহৰ পুখুৰী পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে । অৱশ্যে সংবাদ মাধ্যমত এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে মন্ত্ৰীগৰাকীয়ে অতি কম দিনৰ ভিতৰতে ঐতিহাসিক নাহৰ পুখুৰীটো সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিয়া হ’ব বুলি কয় ৷

লগতে পঢ়ক :Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা

ABOUT THE AUTHOR

...view details