অসম

assam

ETV Bharat / state

Industrial Training Institute: টিংখাঙৰ প্ৰথমখন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন মন্ত্ৰী বিমল বড়াৰ - কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

মন্ত্ৰী বিমল বড়াই উদ্বোধন কৰিলে টিংখাঙৰ প্ৰথমখন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান । চাৰিটা বিষয়ত চলিব পাঠদান । দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্র ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষাৰ সুবিধা ।

Minister Bimal Bora
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 9:03 PM IST

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

মৰাণ, ৮ অক্টোবৰ: টিংখাঙৰ প্ৰথমখন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ আজি শুভ উদ্বোধন কৰা হয় । ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন উদ্বোধন কৰে ১১৯ নং টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই । এই উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

লগতে পঢ়ক:Caste Census in BJP ruled States: বিজেপি শাসিত ৰাজ্যত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ প্ৰশ্ন

টিংখাঙৰ কেকুৰীস্থিত এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানখন স্বেচ্ছাসেৱী অনুষ্ঠান আইডিয়েল অভিযানক PPP MODE আৰ্হিত কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা অনুমতি প্ৰদান কৰা হৈছে । এই ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ডিজেল মেকানিকেল, ফিটাৰ, ইলেকট্ৰিচিয়ান আৰু ইঞ্জিনিয়াৰিং এই চাৰিটা বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব ।

মুঠ ২২৬ খন আসন থকা এই ঔদ্যোগিক প্ৰতিষ্ঠানৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱা বুলি উল্লেখ কৰে স্বেচ্ছাসেৱী সংগঠন আইডিয়েল অভিযানৰ সভাপতি অপূৰ্ব বৰাই । তেওঁ পুনৰ কয় যে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্র ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষাৰ সুবিধা ।

লগতে পঢ়ক:Cricket World Cup 2023 IND Vs AUS: চেন্নাইত ভাৰত-অষ্ট্ৰেলিয়াৰ যুঁজ; 199 ৰাণত ইনিংছ সমাপ্ত অষ্ট্ৰেলিয়াৰ

ইপিনে, এই প্ৰতিষ্ঠানৰ জৰিয়তে নিবনুৱা আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ উপকৃত হ'ব পাৰিব বুলি মন্ত্ৰী বিমল বড়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰে । আনহাতে, এই ঔদ্যোগিক প্ৰতিষ্ঠানখন পৰিচালনাৰ দায়িত্বত থকা স্বেচ্ছাসেৱী সংগঠন আইডিয়েল অভিযানৰ সভাপতি অপূৰ্ব বৰাই উক্ত প্ৰতিষ্ঠানখনত কেনেদৰে ছাত্র- ছাত্ৰী সকলক প্ৰশিক্ষণ দিয়া হ'ব এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় । পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এনে প্ৰতিষ্ঠানৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ উপকৃত হ'ব বুলি কয় ।

লগতে পঢ়ক:Bilasipara congress protest against BJP : BJP য়ে ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details