মৰাণ, 21 জুন :আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে যোগ দিৱস । সমান্তৰালকৈ অসমতো সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷ যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ 'যোগ' সুস্থভাৱে জীয়াই থকাৰ এটি কলা য’ত দেহ, মন, মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷
মোহনবাৰীত শুভাৰম্ভ ক’ভিড টীকাকৰণ অভিযান ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' পালনৰ বাবে ২১ জুনৰ দিনটো ঘোষণা কৰিছিল ৷ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ মোহনবাৰী পঞ্চায়তত বিনামূলীয়াকৈ ক’ভিড টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে ৷ এই অভিযানৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই ।
কৃষিমন্ত্ৰী গৰাকীৰ সৈতে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আগন্তুক তিনিটা দিনত ডিব্ৰুগড় আৰু তিনিচুকীয়াত বাহৰ পাতি ক'ভিড পৰিস্থিতি বুজ ল’ব বুলি উল্লেখ কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী গৰাকী ৷ মন্ত্ৰী অতুল বৰাই উল্লেখ কৰা অনুসৰি ডিব্ৰুগড়ত দৈনিক তিনি লক্ষ লোকক ভেকচিন প্ৰদান কৰা হ’ব ৷
লগতে পঢ়ক:ৰাজ্যজুৰি পালন সপ্তম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস