অসম

assam

ETV Bharat / state

Parthona Scheme : ডিব্ৰুগড়ত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ - Dibrugarh Guardian Minister Atul Bara

ডিব্ৰুগড়ত মন্ত্ৰী অতুল বৰাই ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালক প্ৰদান কৰে প্ৰাৰ্থনা আঁচনিৰ ২.৫ লাখ টকাৰ চেক ৷ দেওবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান মুঠ ১২ গৰাকী ব্যক্তিক এই চেক প্ৰদান কৰা হয় ৷

parthona scheme
ডিব্ৰুগড়ত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ

By

Published : Nov 21, 2021, 10:44 PM IST

মৰাণ, 21 নৱেম্বৰ :মহামাৰী ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে প্ৰাৰ্থনা আঁচনি । দেওবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাই প্ৰাৰ্থনা আঁচনিৰ অধীনত ক'ভিড-19 মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক ২.৫ লাখ টকাকৈ প্ৰদান কৰে চেক ৷ দেওবাৰে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত সৰ্বমুঠ ১২ গৰাকী ব্যক্তিক চৰকাৰী সাহাৰ্যৰ এই চেক প্ৰদান কৰা হয় ।

ডিব্ৰুগড়ত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ

এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰ, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে কেইজনো বিশিষ্ট আৰু চৰকাৰী বিষয়ববীয়া । এই সভাতে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত বিভিন্ন বিভাগৰ বিষয়ববীয়াৰ সকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ।

আনহাতে, মুখ্যমন্ত্ৰীৰ ‘ক'ভিড বিধৱা সাহাৰ্য আঁচনি’ আৰু ‘প্ৰাৰ্থনা আঁচনি’ৰ অধীনত এককালীন সাহাৰ্যৰ পৰা বাদ পৰি ৰোৱা যোগ্য ব্যক্তি সকলক আবেদন কৰিবলৈ অনুৰোধ জনাইছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷

লগতে পঢ়ক:Guwahati AIIMS পৰিদৰ্শন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ মনসুখ মান্দাভিয়াৰ

ABOUT THE AUTHOR

...view details