অসম

assam

By

Published : Jun 5, 2021, 12:02 PM IST

ETV Bharat / state

ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়নৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে জিলাখনৰ চাহ বাগিচা অঞ্চলসমূহত এম্বুলেঞ্চ সেৱা, প্ৰতিষেধক প্ৰদান তথা ক'ভিড নিয়ন্ত্ৰণৰ অন্যান্য ব্যৱস্থাৱলী সন্দৰ্ভত পৰ্যালোচনা কৰি দায়িত্বশীল বিষয়-ববীয়াসকলক উপযুক্ত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ৷

Minister Atul Borah attend an important meeting with Deputy commissioner of Dibrugarh
ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ বৈঠক

ডিব্ৰুগড়,5 জুন:শুকুৰবাৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰী আৰু ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাখনত জিলাখনৰ বৰ্তমান ক'ভিড পৰিস্থিতি সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাহ বাগিচা অঞ্চলসমূহত এম্বুলেঞ্চ সেৱা, প্ৰতিষেধক প্ৰদান তথা ক'ভিড নিয়ন্ত্ৰণৰ অন্যান্য ব্যৱস্থাৱলী সন্দৰ্ভত যাৱতীয় পদক্ষেপ ল'বলৈ বিভাগীয় বিষয়ববীয়াক নিৰ্দেশ দিয়ে ।

ইয়াৰ উপৰিও চৰকাৰে গ্ৰহণ কৰা প্ৰতিখন জলকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো বিভাগীয় বিষয়াসকলক পৰামৰ্শ আগবঢ়ায় । লগতে স্বাস্থ্য, পশুপালন, কৃষি, শক্তিকে ধৰি প্ৰায়বোৰ বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লৈ সকলো বিভাগৰ বাকী থকা কামবোৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত যুদ্ধকালীন তৎপৰতাৰে সম্পন্ন কৰিবলৈও নিৰ্দেশ দিয়ে ।

ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ বৈঠক

সাম্প্ৰতিক ক'ভিড পৰিস্থিতিত জিলাখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত মজুতকৰণ আৰু কৃষকৰ উৎপাদিত ফচলৰ উপযুক্ত বিপণনৰ ব্যৱস্থা কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিভাগক পৰামৰ্শ দিয়ে ।

সভাত ডিব্ৰুগড়, মৰাণ, লাহোৱাল, দুলীয়াজান, চাবুৱা সমষ্টিৰ বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ বিনোদ হাজৰিকা, তেৰছ গোৱালা, পোনাকণ বৰুৱা, উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:নীতি আয়োগৰ প্ৰতিবেদনে উদঙালে অসমৰ উন্নয়নৰ এছ ডি জি

ABOUT THE AUTHOR

...view details