মৰাণ, 27 ডিচেম্বৰ: ৮৫৫ জন শ্বহীদক অপমান কৰি আছুৰ ৰোষত পৰিল ডিব্ৰুগড় আৰক্ষীৰ লগতে মন্ত্ৰী অতুল বৰা । অৰ্ধ-সামৰিক বাহিনীৰ লগতে অসম আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ ডিব্ৰুগড় জিলাৰ আছুৰ শ্বহীদ স্মাৰকত জোতা চেণ্ডেল পৰিধান কৰি অসমৰ জাতীয় ইতিহাসত প্ৰথমবাৰৰ বাবে শ্বহীদক অপমান কৰিলে বুলি গুৰুতৰ অভিযোগ তুলিলে ডিব্ৰুগড় আছুৱে ৷ মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছুকৰ্মীসকলক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷
ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Election at Dibru college)কেন্দ্ৰিক সংঘাতৰ পাছতে আৰক্ষীয়ে ৫ জন আছু সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ১৫ জনকৈ আছু সদস্যক ডিব্ৰুগড়ৰ শ্বহীদ ভৱনৰ পৰা আটক কৰিছিল (Attack on AASU workers in Dibrugarh) । ইয়াৰ পিছৰে পৰা অব্যাহত আছে প্ৰতিবাদ ৷
শ্বহীদবেদী শুদ্ধীকৰণ কৰি অতুল-আৰক্ষীৰ প্ৰতিকৃতি দাহ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আছুৰ শ্বহীদ ভৱনত প্ৰৱেশ কৰি আছুৰ কৰ্মীসকলক বৰ্বৰভাৱে কৰা আক্ৰমণৰ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে আছু কৰ্মীয়ে । ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত আৰক্ষীয়ে ছাত্ৰ সন্থাৰ কৰ্মীক কৰা বৰ্বৰ অত্যাচাৰ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত দেওবাৰে ডিব্ৰুগড় জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
সমগ্ৰ ডিব্ৰুগড়ত সোমবাৰে বিভিন্ন স্থানত ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰা হয় ৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই শ্বহীদবেদী শুদ্ধিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰ জাতীয়সত্বা ঘূৰাই অনাৰ চেষ্টা চলায় ৷
লগতে পঢ়ক:Attack on AASU workers: ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?