মৰাণ,7 জুন:ৰাজ্য চৰকাৰে ঘোষণা কৰা মিনি লক ডাউনৰ ফলত কাল অমানিশা নামি আহিছে ডাম্পাৰ-জেচিবিৰ ব্যৱসায়ীৰ লগতে চালকসকলৰ জীৱনলৈ । সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ হোৱাৰ বাবে স্থবিৰ হৈ পৰিছে ব্যৱসায়ীসকলৰ কাম-কাজ । যাৰ বাবে দুবেলা-দুমুঠিৰ বাবে চিন্তা কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ পূৱ ৰাজহ চক্ৰৰ অধীনৰ মদাৰখাট পঞ্চায়তৰ অন্তৰ্গত ঘোঁৰামৰাৰ তপন দত্ত নামৰ ব্যৱসায়ীগৰাকীয়ে লক ডাউন সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ ব্যৱসায়ীজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, জিলাখনৰ ২৫-৩০ টাকৈ পৰিয়ালৰ একমাত্ৰ ভৰষা হৈছে জেচিবি বা অন্যান্য তেনে কোনো বাহন ৷ জেচিবি চলাই পোৱা ধন একমাত্ৰ উপাৰ্জনৰ পথ পৰিয়ালকেইটাৰ ৷