অসম

assam

ETV Bharat / state

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহায়ৰ দাবীত পুনৰ গৰজি উঠিল সদৌ অসম সচেতন মহিলা মঞ্চ - সদৌ অসম সচেতন মহিলা মঞ্চৰ প্ৰথম বাৰ্ষিক মহিলা সমাৰোহ

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইক লৈ বৰ্তমানেও অন্ত পৰা নাই প্ৰতিক্ৰিয়াৰ । এইবাৰ টিংখাঙত অনুষ্ঠিত হোৱা মহিলা সমাৰোহত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ঋণগ্ৰস্ত মহিলাসকল । আগন্তুক ১৫ দিনৰ ভিতৰত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহায়ৰ দাবী(Women demand microfinance loan waiver) ।

microfinance loan waiver claims indebted women
মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত পুনৰ গৰজি উঠিল সদৌ অসম সচেতন মহিলা মঞ্চ

By

Published : Jun 12, 2022, 9:34 PM IST

মৰাণ,১২ জুন:মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহায়ৰ দাবীত পুনৰ গৰজি উঠিল সদৌ অসম সচেতন মহিলা মঞ্চ । আগন্তুক ১৫ দিনৰ ভিতৰত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহায়ৰ ব্যৱস্থা নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ মহিলাসকলৰ(Women demand microfinance loan waiver) ।

টিংখাঙৰ গান্ধী ময়দানত সদৌ অসম সচেতন মহিলা মঞ্চৰ প্ৰথম বাৰ্ষিক মহিলা সমাৰোহত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে মহিলাসকলে । সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে । ২০১৯ চনতে গঠন হোৱা সদৌ অসম সচেতন মহিলা মঞ্চই বিভিন্ন সময়ত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহায়ৰ দাবী জনাই আহিছে(Assam microfinance incentive and relief scheme) । আনকি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত পুনৰ গৰজি উঠিল সদৌ অসম সচেতন মহিলা মঞ্চ

শেহতীয়াকৈ চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ হিতাধিকাৰী সকলক ২৫,০০০ টকা সাহায্য প্ৰদান কৰিছে যদিও প্ৰকৃত ঋণগ্ৰস্ত মহিলাসকল এতিয়াও উপকৃত হ'ব পৰা নাই । এতিয়াও ঋণগ্ৰস্ত মহিলাসকল ঋণ ৰেহাইৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে আগন্তুক নিৰ্বাচনৰ পূৰ্বে ঋণ ৰেহাইৰ ব্যৱস্থা নকৰিলে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলা সকলে । দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত মহিলা সমাৰোহত মহিলা সবলীকৰণৰ ওপৰতো আলোচনা কৰা হয় ।

লগতে পঢ়ক:হত্যাকাণ্ডৰ এবছৰৰ পাচত গ্ৰেপ্তাৰ গোৱালপাৰাৰ চুপাৰি কিলাৰ

ABOUT THE AUTHOR

...view details