অসম

assam

ETV Bharat / state

পৰ্যটনৰ নতুন সম্ভাৱনা ইতিহাস সমৃদ্ধ চাচনি মেৰবিল - merbill news

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এখ ক্ষেত্ৰ হৈছে ইতিহাস সমৃদ্ধ চাচনী মনোমোহা মেৰবিল ৷ পৰ্যটকক আকৰ্ষণ কৰিবলৈ ইতিমধ্যে মেৰবিল ইক' টুৰিজিম প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপতে আছে মেৰবিল ৷

eco tourism
merbill

By

Published : Dec 17, 2020, 7:46 PM IST

মৰাণ, 17 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপতে আছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন বিল । চাচনি মেৰবিল হিচাপে জনাজাত এই বিলখন ৷ নানা প্ৰজাতিৰ গছ-গছনি আৰু বন্যপ্ৰাণী ইয়াত দেখিবলৈ পোৱা যায় । বৰ্তমান ইয়াক মেৰবিল ইক' ট্যুৰিজিম নামৰ এক প্ৰকল্পৰ অধীনত অসমৰ এখন আকৰ্ষিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰি থকা হৈছে । প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি আৰু নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপুৰ মেৰবিল অসমৰ এখনি বিখ্যাত ইতিহাসেৰে সমৃদ্ধ মনোমোহা বিল ।

ডিব্ৰুগড় জিলা সদৰৰ পৰা দক্ষিণ-পূবলৈ প্ৰায় ৭২ কিলোমিটাৰ, নাহৰকটীয়া নগৰৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বৰ নাহৰকটীয়াৰ ৰাজহচক্ৰৰ অধীনৰ চাচনি মৌজাৰ মধ্যস্থলত অৱস্থিত জৈৱ-বৈচিত্রময় বিল খন ৷ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আৰু প্ৰায় ১৫৫০ বিঘা মুঠ মাটিকালিৰ মেৰবিলৰ ৯৩৩ বিঘা অৰণ্যযুক্ত ভূ-খণ্ডক পানীয়ে আৱৰি আছে ৷ ১৯৩২ চনতে বৃটিছ চৰকাৰে মেৰবিল গ্ৰেজিং নামেৰে ঘোষণা কৰি সংৰক্ষণ কৰি থৈ গৈছিল বিলখন ।

পৰ্যটনৰ নতুন সম্ভাৱনা ইতিহাস সমৃদ্ধ চাচনি মেৰবিল

যুগ যুগ ধৰি লৌকিক-অলৌকিক কিংবদন্তিমূলক কাহিনীৰে মানুহক আকৰ্ষণ কৰা মেৰবিলৰ সেউজ সমৃদ্ধিশালী বুকুত ভৰপূৰ হৈ আছে গমাৰি, চেগুণ, বগৰী, ডিমৰু, উৰিয়াম, আঁহত, কাউৰীলতা, দেৰাচালি আদি গছ-গছনি ৷ জলভাগত শাল, শ'ল, ৰৌ, বৰালি, কাছ, অজগৰ আদি জলজ জীৱ পোৱা যায় ।

হুগৰি পহু, শহা, লতামাকৰী বাঘ, বান্দৰ, কামচৰাই, শৰালী হাঁহ, অজান বগ, ৰঙামুৰী হাঁহ বিভিন্ন জীৱ পোৱা যায় ইয়াৰ বনাঞ্চলত । বিশাল জলভাগত ভাসমান চলন্ত ডুপনি, পুনি মেটেকা আদিৰ সেউজীয়া পৰিবেশে মেৰবিলক এক অনন্য সৌন্দৰ্য্য প্ৰদান কৰিছে । বৰ্তমান চাচনি মৌজাক লৈ এক পৰিৱেশানুকূল পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিছে ।

লগতে পঢ়ক :ধ্বংসৰ গৰাহত ঐতিহাসিক আৰিমত্ত গড়

ABOUT THE AUTHOR

...view details