অসম

assam

ETV Bharat / state

দোষীৰ শাস্তিৰ দাবীত টিংখাং বাসীৰ প্ৰতিবাদ - স্মাৰকপত্ৰ

বিধায়ক বিমল বৰাৰ নিৰ্দেশত কিছুদিন পূৰ্বে টিংখাঙৰ একাংশ প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলাইছিল গুণ্ডাবাহিনীয়ে ৷ উক্ত ঘটনাত জড়িত দোষীৰ শাস্তি দাবী কৰি প্ৰতিবাদকাৰী সকলে মঙলবাৰে ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে এখনি স্মাৰকপত্ৰ ৷

memorundum given to circle officer in tingkhong assam etv bharat news
টিংখাঙবাসীৰ প্ৰতিবাদ

By

Published : Nov 3, 2020, 3:33 PM IST

টিংখাং,3 নৱেম্বৰ:কিছুদিন পূৰ্বে ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ SI পদৰ বাছনি পৰীক্ষাৰ কেলেংকাৰীৰ বাবে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ ৷ ডিব্ৰুগড় জিলাৰ টিংখাঙতো এই কেলেংকাৰীৰ ন্যায়িত তদন্তৰ দাবী উত্থাপন কৰি বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ বাবে বিভিন্ন দল-সংগঠনৰ লগতে চিপিআই(এম এল) য়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ উত্থাপিত অভিযোগ অনুসৰি, 36 ঘণ্টীয়া উক্ত অনশন কাৰ্যসূচীৰ দ্বিতীয় দিনা বিধায়ক বিমল বৰাৰ নিৰ্দেশত গুণ্ডাবাহিনীৰ এটা দলে আক্ৰমণ কৰিছিল অনশনকাৰী সকলৰ ওপৰত ৷ এই ঘটনা সন্দৰ্ভত সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছতো আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল কোনো ধৰণৰ ব্যৱস্থা ৷ ঘটনাৰ তদন্তৰ নামত মাত্ৰ আৰক্ষীয়ে উক্ত ঘটনাত জড়িত ব্যক্তিসকলক থানালৈ মাতি আনি সোধ-পোচৰ অন্তত মুকলি কৰি দিছিল ৷

টিংখাঙবাসীৰ প্ৰতিবাদ

উক্ত ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি মঙলবাৰে টিংখাঙৰ ৰাজহ চক্ৰ বিষয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰে স্থানীয় দল-সংগঠনে ৷ এক যৌথ প্ৰেছ বিবৃতিৰ জৰিয়তে দল-সংগঠনসমূহৰ নেতৃবৰ্গই জনাই যে, বিগত সময়ছোৱাত সংঘটিত উক্ত ঘটনা জঘন্যতম ঘটনা হিচাপে পৰিগণিত হৈছে ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে বিধায়ক বিমল বৰাক ভদ্ৰ বিধায়ক হিচাপে স্বীকৃতি দিছিল ৷ কিন্তু পূৰ্বৰ সময়ত যি ঘটনা সংঘটিত হ’ল তাৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক বৰাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল ৷ গতিকে বিধায়কগৰাকীৰ বিৰুদ্ধে উপযুক্ত শাস্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে চাওকঃপাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

ABOUT THE AUTHOR

...view details