অসম

assam

ETV Bharat / state

Abolishment of Lahowal Constituency:লাহোৱাল বিলুপ্তিকৰণৰ বিৰোধিতাৰে নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ - ১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ

লাহোৱাল সমষ্টি বিলুপ্তিকৰণক লৈ ১৫ টা জাতি জনগোষ্ঠীয় দল-সংগঠনৰ নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ । সাত হাজাৰ গণ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ ।

New Constituency in Dibrugarh
১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ

By

Published : Jul 12, 2023, 6:39 PM IST

১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণ

মৰাণ,১২ জুলাই:সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । জিলাখনৰ বিভিন্ন দল-সংগঠনে ইতিমধ্য়ে ৰাজপথ, ৰেল-পথ, বিমান পথ অৱৰোধেই নহয়, প্ৰয়োজনত বন্ধৰ দৰে সৰ্বাত্মক কাৰ্যসূচী সমষ্টিবাসীয়ে ৰূপায়ণ কৰিব বুলি চৰকাৰক সকীয়াই দিয়াৰ পিচত আজি উপায়ুক্তৰ যোগেদি বুধবাৰে লাহোৱাল সমষ্টিৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত ভাৰতীয় নিৰ্বাচন আয়োগলৈ ডিব্ৰুগড় জিলা উপায়ুক্তৰ যোগেদি বুধবাৰে লাহোৱাল সমষ্টিৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা স্মাৰকপত্ৰ প্ৰেৰণ কৰে । ইফালে,আজি কাৰ্যসূচী যোগেদি নিৰ্বাচন আয়োগলৈ সাত হাজাৰ গণ স্বাক্ষৰ সম্বলিত এখন পত্ৰও প্ৰেৰণ কৰে ৰাইজে ।

লাহোৱাল জেষ্ঠ নাগৰিক মঞ্চ,লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থা,মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতি,মটক যুৱ ছাত্ৰ সন্মিলনৰ লাহোৱাল আঞ্চলিক সমিতি,অসম চাহ জনজাতি ছাত্ৰ সন্থা,আদিবাসী ছাত্ৰ সন্থা,অসমীয়া নাৰী মঞ্চ,আম আদমী পাৰ্টি আদিকে ধৰি ১৫ টা জাতি-জনগোষ্ঠীয় তথা ৰাজনৈতিক দলে নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে । উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।

১৯৫৭ চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত বিভিন্ন দল- সংগঠনে মুকলিকৈ ক্ষোভ ,অসন্তুষ্টি প্ৰকাশ কৰিছে । এই সমষ্টিটো বিলুপ্তিকৰণৰ পাছতেই লাহোৱালত বন্ধ ঘোষণা কাৰ্যসূচী ৰূপায়ণ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে লাহোৱালৰ ৰাইজে । লাহোৱালৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছত গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি আজি এইদৰে বৃহৎ পৰিমাণৰ গণ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে । লাহোৱালৰ ৰাইজৰ এই প্ৰতিবাদ আৰু প্ৰচেষ্টাৰ পাছত চৰকাৰ তথা নিবাৰ্চন আয়োগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হে লক্ষ্যনীয় হ'ব ।

লগতে পঢ়ক:New Constituency in Dibrugarh : সমষ্টি বিলুপ্তিকৰণক লৈ ক্ষোভ প্ৰকাশ মটক যুৱ ছাত্র পৰিষদ আৰু ৰাইজৰ দলৰ

ABOUT THE AUTHOR

...view details