মৰাণ, 1 অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পাছতে ডিব্ৰুগড়ত ভয়ানকভাৱে বৃদ্ধি পাইছিল ক'ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা । কিন্তু স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ তৎপৰতাত ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হৈ উঠিছে । ক'ভিড ভয়াৱহতা পুনৰ আহিলেও ডিব্ৰুগড়ৰ ৰাইজ যাতে সুস্থ হৈ থাকিব পাৰে তাৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰতিজন ব্যক্তিকে ক'ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে ।
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাত ইতিমধ্যে ৯০% লোকে ক'ভিডৰ প্ৰথম পালি গ্ৰহণ কৰিছে । বাকী সকলকো ক'ভিড ভেকচিন দিয়াৰ বাবে ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনটোত ডিব্ৰুগড় হ'ব মেগা ভেকচিন কেম্পৰ আয়োজন কৰিছে বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপন ঝাই ।