অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভা - ডিব্ৰুগড় ক’ভিড বাতৰি

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাৰ আয়োজন কৰা হয় । বিভাগৰ অধীনত জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহ সৰ্ম্পকে এই পৰ্যালোচনা সভাত আলোচনা কৰা হয় ।

public health department meeting
ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভা

By

Published : Jun 2, 2021, 8:51 PM IST

মৰাণ, ২ জুন :ক'ভিড পৰিস্থিতিৰ মাজতো সমগ্ৰ ডিব্ৰুগড় জিলাৰ উন্নয়নমূলক কামসমূহ ক্ষিপ্ৰতাৰে কৰাত গুৰুত্ব প্ৰদান কৰিছে জিলা প্ৰশাসনে । যাৰবাবে ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাৰ আয়োজন কৰা হয় ।

ডিব্ৰুগড়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰ্যালোচনা সভা

উক্ত বিভাগৰ অধীনত জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহ সৰ্ম্পকে এই পৰ্যালোচনা সভাত আলোচনা কৰা হয় । উপায়ুক্ত গৰাকীয়ে জল জীৱন মিচনকে ধৰি বিভাগটোৰ দ্বাৰা ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিৰ অগ্ৰগতি সৰ্ম্পকে বুজ লয় আৰু বাকী থকা কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পাদন কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । উক্ত সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগীৰ লগতে বহু কেইজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:বুঢ়ীদিহিং নৈত গা ধুবলৈ গৈ দুজনৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details