অসম

assam

ETV Bharat / state

Constituency Delimitation Assam : ডিব্ৰুগড়ত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী-বিধায়কৰ গুৰুত্বপূৰ্ণ বৈঠক - MLA Taranga Gogoi

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation Assam) অব্যাহত থকাৰ সময়তে দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল এক বিশেষ আলোচনা ৷ উক্ত আলোচনাত মন্ত্ৰী বিমল বড়াৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে ৷ সমষ্টিসমূহৰ নাম যাতে একেই ৰাখিব পৰা যায় সেই সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰি এক প্ৰস্তাব গ্ৰহণ কৰা হয় ৷

Constituency Delimitation Assam
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী-বিধায়কৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Feb 5, 2023, 6:47 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মন্ত্ৰী-বিধায়কৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়, 5 ফেব্ৰুৱাৰী : দেশৰ বিভিন্ন ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপন হ'ল যদিও অসমত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation Assam) আৰম্ভ কৰা চিন্তা-চৰ্চা আৰম্ভ কৰিছে চৰকাৰে । ভাৰতৰ নিৰ্বাচন আয়োগে (Election Commission of India) অসমৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব বুলি কৰিলে ঘোষণা । ২০০১ৰ লোকপিয়লৰ ভিত্তিত হ’ব সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ ।

ইয়াৰ লগে লগে ৰাজ্যত বহু কেইটা সমষ্টি বিলুপ্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে । উজনিৰ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টি বিলুপ্ত হোৱাৰ সম্ভৱনা অধিক হৈ পৰিছে । ইয়াৰ পাচতেই আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল সমষ্টি নিৰ্ধাৰণক গুৰুত্বপূৰ্ণ বৈঠক । চহৰখনৰ আৱৰ্ত ভৱনত মন্ত্ৰী বিমল বড়াৰ (Minister Bimal Bora) অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে জিলাখনৰ ৬ টা সমষ্টিৰ বিধায়ক । বৈঠকত মৰাণ সমষ্টি কৰ্তনৰ বাবে লোৱা নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা ।

জিলাখনৰ সাতটা সমষ্টিৰ বিপৰীতে ৬ টা সমষ্টি যাতে ৰাখিব পাৰে সেই সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে । এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই কয়, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত ডিব্ৰুগড়ৰ আটাইকেইজন বিধায়ক আৰু প্ৰশাসনিক বিষয়াসকলৰ মাজত এক আলোচনা হয়, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ এটা প্ৰক্ৰিয়া চলি আছে ।

আজিৰ আলোচনাত মূলতঃ সমষ্টিসমূহৰ নামসমূহ যাতে একেই থাকে সেই সম্পৰ্কত এক সিদ্ধান্ত গ্ৰহণ কৰা হয় । পৰৱৰ্তী সময়ত আৰু আলোচনাৰ প্ৰয়োজন আছে । দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালাই এই বৈঠকত অংশগ্ৰহণ কৰি কয়- ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়সমূহ আজি তন্নতন্নকৈ আলোচনা কৰা হৈছে ।

লাহোৱাল সমষ্টি আৰু মৰাণ সমষ্টি দুটা নাইকীয়া হোৱাৰ কথা চলি আছে, ইয়াত দুটা সমষ্টিৰ ৰাইজৰ আৱেগ আৰু অনুভূতি জড়িত হৈ আছে । নিৰ্বাচন আয়োগৰ নীতিৰ আধাৰত ডিব্ৰুগড়ৰ 6 টা সমষ্টি যাতে আমি বচাব পাৰো সেইটো চেষ্টা কৰা হৈছে । সমষ্টিবাসী ৰাইজৰ সুবিধাৰ্থে সকলো বিধায়কৰ মাজত এটা বুজাবুজি কৰা হৈছে যাতে অতি সহজে সমষ্টিবাসী ৰাইজ উন্নয়ন খণ্ড, চক্ৰ বিষয়া কাৰ্যালয় অথবা সমষ্টিত থকা যিকোনো কাৰ্যালয়লৈ যাব পাৰে । পৰৱৰ্তী সময়ত এই সিদ্ধান্ত চূড়ান্ত হ'ব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল উদ্দেশ্যই হৈছে অসমৰ অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা ।’’

আনহাতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয়, ‘‘যিটো ফৰ্মূলাৰে এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব সেইটোৰ আধাৰত আলোচনা কৰা হৈছে । আজি আৰম্ভণিহে আৰু অধিক আলোচনাৰ প্ৰয়োজন আছে । যিহেতু এটা সমষ্টি বাদ পৰিবই, গতিকে বাদ পৰা সমষ্টিটোক এৰি বাকী আটাইকেইটা সমষ্টিৰ নাম যাতে একেই থাকে আজিৰ সভাই তাৰ সিদ্ধান্ত গ্ৰহণ কৰে । নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে (MLA Taranga Gogoi) কয়, ‘‘ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সমষ্টি সমূহ কেনেদৰে নিৰ্দ্ধাৰিত কৰিব পৰা যাব, তাৰে আলোচনা কৰা হয় । ৰাইজৰ সুবিধা হোৱাকৈ কেনেকৈ সমষ্টিসমূহ ভাগ কৰিব পাৰি তাৰ এক আলোচনা কৰা হয় । প্ৰাৰম্ভিক অৱস্থাত ৰাইজৰ সুবিধা হোৱাকৈ সমষ্টিৰ সীমাসমূহ চাই লোৱা হৈছে, পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিবেদন নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হ'ব’’ ৷

লগতে পঢ়ক:Ajit Kumar Bhuyan MP Fund Scam: অজিত কুমাৰ ভূঞাই দুৰ্নীতি কৰিব পাৰে বুলি ভবাই নাছিল দিগন্ত কলিতাই

ABOUT THE AUTHOR

...view details