মৰাণ, ১১আগষ্ট: ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত হ'ল ডিব্ৰুগড় জিলা অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ (Dibrugarh District Non Provincialized Teachers Employees Association) সাধাৰণ সভা। ডিব্ৰুগড় জিলা অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এখন সাধাৰণ সভা বুধবাৰে মৰাণৰ বামুণবাৰী চাহ জনজাতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সম্পন্ন হয় । উক্ত সভাত ডিব্ৰুগড় জিলাৰ অপ্ৰাদেশিকীকৃত শিক্ষক কৰ্মচাৰী সকলৰ এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয় (Teacher protest in ।
এই সভাখনত সদৌ অসম অপ্ৰাদেশিকীকৃত শিক্ষক সন্থাৰ সম্পাদক হৰমোহন বৰাই অংশ গ্ৰহণ কৰি কয় যে, ৰাজ্যখনত প্ৰায় ২৪ হাজাৰ অপ্ৰাদেশিকীকৃত শিক্ষক আছে । এই শিক্ষকসকল দীৰ্ঘদিন ধৰি প্ৰাপ্য়ৰ পৰা বঞ্চিত হৈ আহিছে । তেওঁ ৰাজ্য়ৰ ২৪ হাজাৰ অপ্ৰাদেশিকীকৃত শিক্ষকৰ বিষয়টো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এৰাই চলিব বিচৰা কাৰ্যক সমালোচনা কৰে । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলৰ সৈতে আলোচনা কৰিম বুলি কোৱা কাৰ্য শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ তেওঁ আহ্বান জনায় (Appeal to Chief Minister Dr Himanta Biswa Sarma)।