অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত বন অধিকাৰ আইনৰ জিলা পৰ্যায়ৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে বন অধিকাৰ আইনৰ জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ডিব্ৰুগড় জিলাৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ভোগালীপথাৰ আৰু পাণধোৱা বনগাঁও নিবাসী পৰিয়ালক বন অধিকাৰ আইনৰ নিয়মাৱলী অনুসৰি ভূমি স্বত্ব প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় ৷

By

Published : Jan 7, 2021, 7:01 PM IST

ডিব্ৰুগড়ত বন অধিকাৰ আইনৰ জিলা পৰ্যায়ৰ সমিতিৰ গুৰুত্বপূৰ্ণ  সভা
ডিব্ৰুগড়ত বন অধিকাৰ আইনৰ জিলা পৰ্যায়ৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা

ডিব্ৰুগড়,৭ জানুৱাৰী:ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে বন অধিকাৰ আইনৰ জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডিব্ৰুগড় জিলাৰ নামদাঙ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ভোগালীপথাৰ আৰু পাণধোৱা বনগাঁও নিবাসী পৰিয়ালক বন অধিকাৰ আইনৰ নিয়মাৱলী অনুসৰি ভূমি স্বত্ব প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় ৷

অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পাৰতীন,সহকাৰী আয়ুক্ত গীতাশ্ৰী লাচিত আৰু বন বিভাগ মাণ্ডলিক বন বিষয়া প্ৰদীপ্ত বৰুৱা,জিলা পৰিষদৰ তিনি প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাত উপায়ুক্ত ঝাই সংশ্লিষ্ট কৰ্তৃপক্ষক ৩০ দিনৰ ভিতৰত অনুমোদন দিয়া পৰিয়ালকেইটাক ভূমিৰ স্বত্বৰ প্ৰমাণপত্ৰ প্ৰদানৰ দিশত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷
সভাত উপায়ুক্ত ঝাই মাণ্ডলিক বন বিষয়া,সমন্বিত জনজাতি উন্নয়ন প্ৰকল্পৰ সঞ্চালক আৰু মহকুমা কল্যাণ বিষয়াক জিলাখনৰ বন অধিকাৰ আইনৰ অধীনত দাখিল কৰা অন্যান্য আবেদনসমূহৰ স্থিতি পৰীক্ষা কৰি যোগ্যতাৰ ভিত্তিত দহদিনৰ ভিতৰত আলোচনা কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক :মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

ABOUT THE AUTHOR

...view details