অসম

assam

ETV Bharat / state

চোতালতে লওক প্ৰয়োজনীয় ঔষধ ! - ঔষধ

অনলাইন যোগে আৱেদন জনাই ঔষধৰ তথ্য দিলেই স্বাস্থ্য বিভাগৰ কৰ্মীয়ে ঘৰতে যোগান ধৰিব ঔষধ ৷ ৰোগীসকলৰ চিন্তা দূৰ কৰিবলৈ স্বাস্থ্য বিভাগে লৈছে এই পদক্ষেপ ৷

medicine home delivery in dibrugarh
medicine home delivery in dibrugarh

By

Published : Apr 30, 2020, 8:14 PM IST

ডিব্ৰুগড়, 30 এপ্ৰিল :সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ ফলত লক্ ডাউন ঘোষণা কৰা হৈছে ৷ যাৰ বাবে গ্ৰামাঞ্চল, চহৰাঞ্চলৰ বহু ৰোগীয়ে প্ৰয়োজনীয় ঔষধ সংগ্ৰহ কৰিব পৰা নাই । ৰোগীয়ে সময়ে সময়ে ঔষধ বিচাৰি হাহাকাৰ কৰিব লগাও পৰিলক্ষিত হৈছিল । ইয়াৰ পাচতেই জিলা স্বাস্থ্য বিভাগসমূহে লক্ষ্যণীয় পদক্ষেপ গ্ৰহণ কৰে ।

চোতালতে লওক প্ৰয়োজনীয় ঔষধ !

ৰোগীসকলৰ চিন্তা দূৰ কৰি চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত স্বাস্থ্যকৰ্মীসকলে ঔষধ লৈ আহিছে ৰাইজৰ পদূলিলৈ । শেহতীয়াকৈ, ৰোগীৰ ঘৰে ঘৰে গৈ ঔষধ যোগানৰ বাবে জিলা স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । অন্ লাইন এপ্লিকেশ্যন যোগে ঔষধৰ সবিশেষ তথ্য দিলেই কম সময়ৰ ভিতৰতে প্ৰয়োজনীয় ঔষধ লৈ আপোনাৰ চোতালত উপস্থিত হয় স্বাস্থ্য বিভাগৰ কৰ্মচাৰী । ডিব্ৰুগড় জিলাত এইদৰে ঘৰতে ঔষধ লাভ কৰি কেমেৰাৰ আগত সন্তুষ্টি ব্যক্ত কৰিছে এগৰাকী ৰোগীয়ে ৷

লক্ ডাউন শেষ নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে। বৰ্তমানলৈকে অৰ্ধশতাধিক লোকক ঘৰতে যোগান ধৰা হৈছে ঔষধ।


লগতে পঢ়ক : বিজেপিৰে মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক টুইট

ABOUT THE AUTHOR

...view details