মৰাণ,১১ ছেপ্টেম্বৰ:অৱসৰৰ সময়খিনি সৎ ব্যৱহাৰ কৰি ৮৪ বিধ বনৌষধি গছ ৰোপণ আৰু সংৰক্ষণ কৰি চৰ্চালৈ আহিছে মৰাণৰ বামুনবাৰীৰ এজন প্ৰাক্তন শিক্ষক(Preservation of former teacher herbal plants) । বামুনবাৰী অঞ্চলৰ টেঙাপানী গাঁৱৰ সৰুনাথ গগৈ নামৰ ৮২ বছৰীয়া প্ৰাক্তন শিক্ষকগৰাকীয়ে নিজৰ ঘৰৰ বাৰীতে ৰোপন কৰিছে ৮৪ বিধ বনৌষধি গছ(Ex-teacher plants 84 medicinal plants) ।
টেঙাপানী জনজাতি এম ই স্কুলৰ পৰা ২০০২ চনতে অৱসৰ গ্ৰহণ কৰি প্ৰাক্তন শিক্ষক গৰাকীয়ে মানুহৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পৰা ঔষধি গছ সমূহ ৰুবলৈ আৰম্ভ কৰে । তেতিয়াৰে পৰাই গছসমূহ অতি যতনেৰে তেওঁ সংৰক্ষণ কৰি ৰাখিছে । নিজৰ বাৰীৰ প্ৰায় চাৰে তিনি বিঘা মাটিত এই গছ বিলাক ৰোপন কৰি সমগ্ৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে ।