অসম

assam

By

Published : Feb 1, 2021, 9:01 AM IST

ETV Bharat / state

মৰাণৰ চাউদাং গাঁৱত মে-ডাম-মে-ফি উদযাপন

টাই-আহোম সকলৰ ধৰ্মী পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী ডিব্ৰুগড়ৰ মৰাণতো উদযাপন কৰা হয় ।

মৰাণৰ চাউদাং গাঁৱৰ ৰাজহুৱা খেলপথাৰত মে-ডাম-মে-ফি উদযাপন
মৰাণৰ চাউদাং গাঁৱৰ ৰাজহুৱা খেলপথাৰত মে-ডাম-মে-ফি উদযাপন

মৰাণ,1 ফেব্ৰুৱাৰীঃদেওবাৰে ৰাজ্যজুৰি উলহমালহৰে পালন কৰা হ’ল মে-ডাম-মে-ফী ৷ টাইআহোম সকলৰ ধৰ্মী পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী ডিব্ৰুগড়ৰ মৰাণতো উদযাপন কৰা হয় ।

মৰাণৰ চাউদাং গাঁৱৰ ৰাজহুৱা খেলপথাৰত মে-ডাম-মে-ফি উদযাপন

উল্লেখযোগ্য যে, এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে । মৰাণ বিধানসভা সমষ্টিৰ হাতীগড়, চাউদাং, চাউল কৰা, চাংমাই আৰু নাজিৰাপুৰীয়াবাসীৰ উদ্যোগত চাউদাং গাঁৱৰ ৰাজহুৱা খেলপথাৰত আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে মে-ডাম- মে-ফী উদযাপন কৰা দেখা গ’ল । উক্ত অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

মৰাণৰ চাউদাং গাঁৱৰ ৰাজহুৱা খেলপথাৰত মে-ডাম-মে-ফি উদযাপন
লগতে পঢ়কঃ ৰাজ্যজুৰি উদযাপন পবিত্ৰ মে-ডাম মে-ফী

ABOUT THE AUTHOR

...view details