মৰাণ, 31 জানুৱাৰী : প্ৰতিবছৰে জানুৱাৰী মাহৰ 31 তাৰিখে সমূহীয়াকৈ উদযাপন কৰা হয় মে-ডাম-মে-ফি ৷ এই উৎসৱত আহোম সকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ।
দেওবাৰে সমগ্ৰ ৰাজ্যতে ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হৈছে মে-ডাম-মে-ফি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বৰপথাৰত, মৰাণ সমষ্টি উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বৰপথাৰ বাসী ৰাইজৰ সহযোগত আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে মে ডাম মে ফি উদযাপন কৰা হৈছে ৷