ডিব্ৰুগড়, ২১ অক্টোবৰ:মাজুলীৰ ঘটনাৰ চাঞ্চল্য় মাৰ নৌযাওতেই পুনৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে । ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে ভয়ানক অভিযোগ(Heating situation in AMCH) । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসুতিৰ সৈতে নৱজাতকৰ মৃত্যুৰ অভিযোগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে(Maternal death in AMCH) ।
জানিব পৰা মতে, ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মাতৃ আৰু শিশু বিভাগত চিকিৎসাৰ বাবে তিনিচুকীয়া জিলাৰ ঢলাৰ এগৰাকী প্ৰসুতিক তিনিচুকীয়া জিলা চিকিৎসালয়ৰ পৰা চিকিৎসকে জৰুৰীকালীন ভাবে প্ৰেৰণ কৰিছিল । কিন্তু AMCH ৰ চিকিৎসকৰ গাফিলতি আৰু অক্সিজেনৰ অভাৱৰ বাবে শুকুৰবাৰে পুৱাৰ ভাগত কফিয়া মৰান নামৰ প্ৰসুতি মহিলাগৰাকীৰ সৈতে নৱজাতকটিয়ে মৃত্যুক আকোৱালি লয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।
চিকিৎসকৰ গাফিলতিৰ ফলতেই মাতৃৰ সৈতে নৱজাতকৰ মৃত্যু হোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে পৰিয়ালটো । স্বামীয়ে কান্দি কান্দি কৰ্তব্যত থকা চিকিৎসকক জবাবদিহি কৰে । স্বামী তথা পৰিয়ালৰ লোকে অভিযোগ কৰে যে সময়মতে চিকিৎসকে চোৱা হ'লে প্ৰসুতিগাৰাকী আৰু সন্তানটিৰ জীৱন ৰক্ষা পৰিলহেঁতেন(Doctor negligence in AMCH) । স্বামী হৈয়ো পত্নীক এবাৰ দেখা নাপালো বুলি উল্লেখ কৰি তেঁও কয় যে "ভাল চিকিৎসা হ'ব বুলি আনিছিলো AMCHলৈ "।