অসম

assam

ETV Bharat / state

মটক যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

মটক যুৱ ছাত্ৰ সন্মিলনৰ নৱ গঠিত ত্ৰয়োদশ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত ৷ এই অনুষ্ঠানত সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ উপস্থিত থাকে ৷

matak yuba satra santha oath programme
মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

By

Published : Mar 15, 2021, 9:02 PM IST

ডিব্ৰুগড়,15 মাৰ্চ:ডিব্ৰুগড় বাণীপুৰত সোমবাৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ নৱ গঠিত ত্ৰয়োদশ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ শপত গ্ৰহণ অনুষ্ঠানত সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ উপস্থিত থাকি মটক জনগোষ্ঠীৰ হৈ কাম কৰি যাবলৈ দৃঢ় প্ৰতিজ্ঞ বুলি উল্লেখ কৰে ৷

মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

তেওঁ জনগোষ্ঠীটোৰ জনজাতিকৰণ নোহোৱাত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে বিজেপিয়ে কেৱল মুখ বন্ধ কৰিবলৈ স্বায়ত্ব পৰিষদৰ কাউঞ্চিলখন দিলেই নহ'ব বুলি মন্তব্য কৰি যি চৰকাৰেই নহওঁক কিয় জনজাতিকৰণ লাগিবই বুলি সজোৰে দাবী উত্থাপন কৰে । অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেতাগৰাকীয়ে ।

লগতে পঢ়ক :মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ

ABOUT THE AUTHOR

...view details