অসম

assam

ETV Bharat / state

মটক স্বায়ত্ত শাসিত পৰিষদৰ দপ্তৰ বিতৰণ - মূখ্য কাৰ্যবাহী ডেভিদ চেতিয়া

মটক স্বায়ত্ব শাসিত পৰিষদৰ দপ্তৰ বিতৰণৰ সন্দৰ্ভত ডিব্ৰুগড় প্ৰেছ ক্লাৱত সংবাদ মেল অনুষ্ঠিত কৰা হয় ৷ উক্ত সংবাদ মেলত গুৰুত্বপূৰ্ণ আঠ গৰাকী কাৰ্যবাহীক সদস্যক পৰিষদৰ দপ্তৰ বিতৰণ কৰে ।

matak autonomous Council distributes their departments
মটক স্বায়ত্ত শাসিত পৰিষদৰ দপ্তৰ বিতৰণ

By

Published : Jun 11, 2021, 4:52 PM IST

ডিব্ৰুগড়, 11 জুন : নতুনকৈ গঠন হোৱা মটক স্বায়ত্ব শাসিত পৰিষদ(Matak Autonomous Council)ৰ বৃহস্পতিবাৰে দপ্তৰ বিতৰণ কৰা হয় । পৰিষদৰ অন্তৰ্গত ১৮ টা বিভাগৰ দপ্তৰ সমূহ বিতৰণ কৰা হয় । এই সন্দৰ্ভত ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদ মেলত মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, অধ্যক্ষ সৰোজ গোহাঁই, উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া উপস্থিত থাকি দপ্তৰ সমূহৰ বিতৰণ কৰা বুলি জানিবলৈ দিয়ে । লোক নিৰ্মাণ আৰু বিতৰণ নকৰা অন্যান্য বিভাগ সমূহ মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়াই নিজৰ হাতৰ ৰাখি আন আন গুৰুত্বপূৰ্ণ বিভাগ সমূহ আঠ গৰাকী কাৰ্যবাহী পৰিষদৰ মাজত বিতৰণ কৰে ।

মটক স্বায়ত্ত শাসিত পৰিষদৰ দপ্তৰ বিতৰণ

উল্লেখ্য যে, ৩১ বছৰ সংগ্ৰাম আৰু দাবী পাছত অৱশেষত গঠন হোৱা মটক স্বায়ত্ব শাসিত পৰিষদ(Matak Autonomous Council) কাৰ্যকৰী হৈ উঠিছে । বিভাগৰ পৰিষদৰ সদস্য অমূল্য সেনাপতিক চেৰিকালচাৰ, স্বৰুপজ্যোতি চেতিয়াক হস্ততাঁত আৰু বস্ত্ৰ শিল্প, দেৱজ্যোতি ৰাজখোৱাক মীন, যতীন দিহিঙীয়াক পশুপালন আৰু চিকিৎসা, নৱজ্যোতি শইকীয়াক কৃষি, বিমল বৰুৱাক খেল আৰু যুৱ কল্যাণ, আনন্দ চেতিয়াক শিক্ষা, অনন্ত গগৈক সাংস্কৃতিক দপ্তৰত বিতৰণ কৰা হৈছে ।

আনহাতে, অহা ১৪ জুনত নতুনকৈ গঠন হোৱা পৰিষদৰ প্ৰথম খন কাৰ্যবাহী বৈঠক অনুষ্ঠিত কৰা হ’ব । এই বৈঠকতে আগন্তুক দুটা বৰ্ষৰ এক্সন প্লান নিৰ্ধাৰিত কৰা হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে । বিগত ১৬ ফেব্ৰুৱাৰীত ঘোষণা কৰা পাচতহে 22 ফেব্ৰুৱাৰীত দিছপুৰত শপত গ্ৰহণ কৰিছিল মটক স্বয়ত্ব শাসিত পৰিষদে(Matak Autonomous Council) ।

লগতে পঢ়ক : এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details