টিংখাং, 31 আগষ্ট :ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে মঙলবাৰে টিংখাঙত ' কা ' বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইনবাতিলৰ লগতে কৃষক নেতা অখিল গগৈ, শশী শেনছোৱা, হেমন্ত কোঁৱৰক অনতিপলমে মুক্তি দিয়াৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখযোগ্য যে, প্ৰতিবাদকাৰী সকলে টিংখাঙৰ ৰাজগড়ৰ পৰা বাইক ৰেলী বাহিৰ কৰি সমষ্টিটোৰ বিভিন্ন স্থানলৈ প্ৰতিবাদ কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু টিংখাং প্ৰশাসনে বাধা প্ৰদান কৰাত প্ৰতিবাদকাৰী সকলে টিংখাঙতে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷