টিংখাং, 3 আগষ্ট : বিজেপি চৰকাৰে কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিক লক্ষ্য কৰি লোৱাৰ কাৰণ কি । অসমীয়া মানুহে নামঘৰত চাকি জ্বলালে কেনেকৈ ৰাষ্ট্ৰদ্ৰোহ হয় । অসমত অসমীয়া মানুহৰ দপদপনি, অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব । 'কা' আইন বাতিল হবই লাগিব ৷ অখিল গগৈ, শশী সেনচোৱা, হেমন্ত কোঁৱৰ আদিৰ লগতে 'কা' আন্দোলনৰ সকলো কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিব লাগিব ৷ এই দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই দাবীৰ উখাপন কৰে সংগঠনটোৱে ৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি গণেশ গগৈ, লেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি দেৱজিত বৰুৱা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ দীপক মাঝী, কৃষক নেতা নিতুল বৰুৱা আদিৰ উপস্থিতিত টিংখাঙৰ ৰাজগড়ত সংবাদমেল আয়োজন কৰি ডিব্ৰুগড় জিলা যুটীয়া সম্পাদক শশী সেনচোৱা আৰু হেমন্ত কোঁৱৰক 2 আগষ্টৰ সন্ধিয়া গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠনটোৱে ।
উল্লেখযোগ্য যে, 'কা' আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা শশী সেনচোৱা কেইটামান দিনৰ পূৰ্বে জেলৰ পৰা মুক্তি লাভ কৰিছিল । পুনৰ 2 আগষ্টত টিংখাঙৰ শালমাৰী দীঘলীয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 'কা' আইন বাতিল আৰু কৃষক নেতা অখিল গগৈৰ আৰোগ্য আৰু মুক্তি লাভৰ বাবে নামঘৰত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে সান্ধ্য আইনৰ সময় অতিক্ৰম কৰাৰ অপৰাধত শশী সেনচোৱা আৰু হেমন্ত কোঁৱৰক টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোমবাৰে জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ।